ইংলেণ্ডৰ বিৰুদ্ধে তিনি টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, February 11, 2024

ইংলেণ্ডৰ বিৰুদ্ধে তিনি টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা


নতুন দিল্লীঃ ইংলেণ্ডৰ বিৰুদ্ধে বাকী থকা ৩খন টেষ্ট মেচৰ বাবে ঘোষণা কৰা হৈছে ১৭জনীয়া ভাৰতীয় দলটো। এই ঘোষিত দলত নাথাকিব বিৰাট কোহলি। বিচিচিআইৰ তথ্য অনুসৰি ব্যক্তিগত কাৰণত বিৰাট কোহলিয়ে খেলিব নোৱাৰিব।

ইয়াৰ বাহিৰেও ভাৰতীয় দলৰ মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰো এই শৃংখলাৰ বাকী মেচৰ পৰা বাকীৰ হৈছে আঘাতৰ বাবে। আশাৰ খবৰ এই যে ১৭জনীয়া দলত সুযোগ পাইছে বংগৰ বেগী বলাৰ আকাশদীপে। মেডিকেল দলৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰি ভাৰতীয় দলৰ উইকেটকীপাৰ বেটছমেন কে এল ৰাহুল আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক অন্তৰ্ভুক্ত কৰা হ’ব। 

ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টেষ্ট ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত অনুষ্ঠিত হ’ব। আনহাতে ২৩ ফেব্ৰুৱাৰীৰ পৰা ৰাঁচীত অনুষ্ঠিত হ’ব চতুৰ্থখন মেচ। পঞ্চমখন টেষ্ট ৭ মাৰ্চৰ পৰা ধৰ্মশালাত অনুষ্ঠিত হ’ব। ঘোষিত ভাৰতীয় দলটো- ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমান গিল, কে এল ৰাহুল, ৰজত পাটিদাৰ, ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), কে এছ ভাৰত (উইকেটকীপাৰ), আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা*, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ আৰু আকাশদীপ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here