পুলৱামা আক্ৰমণত বিদেশত থাকিয়েই শ্বহীদ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, February 14, 2024

পুলৱামা আক্ৰমণত বিদেশত থাকিয়েই শ্বহীদ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে


অনলাইন ফিচাৰ্ছঃ পাঁচ বছৰ পূৰ্বে আজিৰ দিনটোতে ভূ-স্বৰ্গ কাশ্মীৰ জোৱানৰ তেজৰে ৰাঙলি হৈছিল। পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০ জনকৈ চিআৰপিএফৰ জোৱান নিহত হৈছিল। পুলৱামাৰ ভয়ংকৰ আক্ৰমণৰ পাঁচ বছৰ পাৰ হৈ গ'ল, কিন্তু দেশবাসীৰ মনত আজিও সেই অসহনীয় স্মৃতি সজীৱ হৈ আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইদিনটোৰ কথা মনত পেলাই এক বিশেষ বাৰ্তা দিছে।মোদী বৰ্তমান ৰিয়াধত আছে। প্ৰমোদীয়ে আবু ধাবিৰ প্ৰথম হিন্দু মন্দিৰ উদ্বোধন কৰিবলৈ সংযুক্ত আৰৱ গণৰাজ্যলৈ গৈছে। । বুধবাৰে তেওঁ পুলৱামা আক্ৰমণৰ পঞ্চম বৰ্ষপূৰ্তিত এক বিশেষ বাৰ্তা প্ৰদান কৰে। মোদীয়ে কয় "পুলৱামাত শ্বহীদ হোৱা বীৰ সৈনিকসকললৈ মোৰ শ্ৰদ্ধাঞ্জলি। আমি সদায় দেশৰ বাবে তেওঁলোকৰ সেৱা আৰু ত্যাগ মনত ৰাখিম।’’

প্ৰধানমন্ত্ৰীৰ উপৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আজিৰ দিনটোতে এক বিশেষ বাৰ্তা প্ৰদান কৰিছে। মন কৰিব লগীয়া যে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে চিআৰপিএফৰ কনভয়ত পাক সন্ত্ৰাসবাদীয়ে বাৰু ভৰ্তি বাহনেৰে মাৰাত্মক আক্ৰমণ সংঘটিত কৰিছিল। ২,৫০০ চিআৰপিএফ জোৱানক স্থানান্তৰ কৰাৰ সময়তে সন্ত্ৰাসবাদীয়ে কনভয়ত এটা আত্মঘাতী বোমা বিস্ফোৰণ ঘটাইছিল।ফলত ৪০ জন চিআৰপিএফৰ জোৱানে প্ৰাণ হেৰুৱাইছিল। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে পিছত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

দুমাহ পূৰ্বেও আন এক ভয়ংকৰ ঘটনাই কাশ্মীৰক আতংকিত কৰি তুলিছিল। এনকাউণ্টাৰৰ সময়তে সন্ত্ৰাসবাদীয়ে সেনাৰ দুখন ট্ৰাকত গুলীচালনা কৰিছিল।সেই সময়ত আঘাতপ্ৰাপ্ত সৈনিকসকলৰ সৈতে যোগাযোগ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। অৱশেষত, বহু প্ৰচেষ্টাৰ পিছত আঘাতপ্ৰাপ্ত জোৱানসকলৰ ওচৰলৈ এখন এম্বুলেন্স পঠিয়াব পৰা গৈছিল। সেই আক্ৰমণত ভাৰতীয় সেনাৰ তিনিজন সৈনিকৰ মৃত্যু হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here