মুখ্যমন্ত্ৰীৰ ঈদৰ উপহাৰ - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, March 17, 2024

মুখ্যমন্ত্ৰীৰ ঈদৰ উপহাৰ


অসম: ইছলামধৰ্মী লোকসকলৰ এতিয়া ৰোজাৰ মাহ চলিছে, কিছুদিন পিছতে ঈদ। এনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া মুছলমানসকলৰ বাবে ঈদৰ এক বিশেষ উপহাৰ আগবঢ়াইছে। অসমৰ ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ সকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক বিশেষ ঘোষণাই বহুতকে আনন্দিত কৰি তুলিছে।

মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি অসমত বাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক জৰীপৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন কৰা হৈছে। প্ৰতিখন জিলাৰ জিলা আয়ুক্তক চেয়াৰ পাৰ্চন হিচাবে নিযুক্তি দি জৰীপ সমিতি গঠন কৰা হৈছে। জিলা পৰ্যায়ৰ এই আর্থ-সামাজিক জৰীপ সমিতিত বিলাসীপাৰাৰ এজন যুৱ নেতাক সদস্য হিচাবে নিয়োজিত কৰাত উৎফুল্লিত হৈ পৰিছে গৰিয়া মৰিয়া দেশী পৰিষদৰ বিলাসীপাৰা জিলা সমিতি।

জৰীপ সমিতিত স্থান লাভ কৰা বিলাসীপাৰা চহৰৰ দুই নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা বিলাসীপাৰা পৌৰ সভাৰ ৱাৰ্ড আয়ুক্ত ছুৰত জামাল আলী আহমেদক পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে উষ্ম আদৰণি জনাইছে। জিলা জৰীপ সমিতিৰ সদস্য আহমেদক বাঙালীপাৰাস্থিত পৰিষদৰ জিলা কাৰ্যালয়ত দেশী কৱজ আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অচিৰেই আৰম্ভ হ'বলগীয়া খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য যাতে অতি নিয়াৰিকৈ সম্পন্ন হয় সেই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ খিলঞ্জীয়া মুছলমানসকলে আহমেদক আহ্বান জনায় । খিলঞ্জীয়া মুছলমানসকলে এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।

 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here