বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ সুবিধা কৰি দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়েঃ Amit Shah - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, June 2, 2025

বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ সুবিধা কৰি দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়েঃ Amit Shah


পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ সুবিধা কৰি দিছে আৰু ৰাষ্ট্ৰীয় সুৰক্ষাতকৈ নিজৰ ভোেট বেংকক অগ্রাধিকাৰ দিছে বুলি অভিযোগ কৰি শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে বেনাজীক তীব্র সমালোচনা কৰে। ৰাজ্যখনলৈ তেওঁৰ দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত বিজয় সংকল্প কার্যকর্তা সম্মিলনত অংশগ্ৰহণ কৰি শ্বাহে কয়, 'মমতা বেনাৰ্জীয়ে দেশৰ সীমা বাংলাদেশীৰ বাবে মুকলি কৰি দিছে। তেওঁ অনুপ্ৰৱেশৰ অনুমতি দিছে।

মমতা বেনাৰ্জীয়ে অনুপ্ৰৱেশ ৰোধ কৰিব নোৱাৰে, কেৱল এখন পদুমৰ চৰকাৰেহে সেই কাম কৰিব পাৰিব। আমি কাঁটা তাঁৰৰ বেৰা দিবলৈ তেওঁক মাটি বিচাৰিলোঁ। তেওঁ সীমান্তত মাটি দিয়া নাই, যাতে অনুপ্রৱেশ অব্যাহত থাকে আৰু তেওঁৰ ভোেট বেংক বৃদ্ধি পায় তথা তেওঁৰ পাছত যাতে তেওঁৰ ভতিজাক মুখ্যমন্ত্রী হয়। কিন্তু এনে নহ'ব।' ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগত পশ্চিম বংগত নির্বাচনী ৰণশিঙা বজাই শ্বাহে কয় যে ৰাজ্যখনত নির্বাচনে কেৱল বংগৰ ভৱিষ্যতেই নির্ধাৰণ নকৰিব, ৰাষ্ট্ৰীয় সুৰক্ষাতো ইয়াৰ প্ৰভাৱ পৰিব।

তদুপৰি কেন্দ্ৰৰ অপাৰেশ্যন সেন্দুৰৰ 'বিৰোধিতা কৰাৰ বাৰেও তেওঁ মমতা বেনাৰ্জীক সমালোচনা কৰে। তেওঁ কয়, 'মমতা বেনার্জীয়ে যিমান বিচাৰে পাকিস্তানী সন্ত্রাসবাদীক সমর্থন কৰিব পাৰে। কিন্তু মই তেওঁক কুওঁ যে এইখন হৈছে প্রধানমন্ত্রী মোদীৰ চৰকাৰ আৰু অপাৰেশ্যন সেন্দূৰৰ এতিয়াও অন্ত পৰা নাই।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here