IPLত শ্ৰেয়াছ আয়াৰৰ অনবদ্য কৃতিত্ব | Shreyas Iyer - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, June 2, 2025

IPLত শ্ৰেয়াছ আয়াৰৰ অনবদ্য কৃতিত্ব | Shreyas Iyer


দেওবাৰে আই পি এল-২০২৫ৰ খেলখনত পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰে। দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে পঞ্জাব। ইয়াৰ আগতে ২০১৪ চনৰ আৰম্ভণিতে দলটোৱে খিতাপৰ মেচখন খেলিছিল। এই ছিজনৰ চূড়ান্ত খেলখন ৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, য’ত পঞ্জাৱ কিংছৰ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু।

পঞ্জাৱ কিংছৰ ঐতিহাসিক বিজয়ত অধিনায়ক শ্ৰেয়াছ আয়াৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৮টা ছয় আৰু ৫টা চাৰিৰ সহায়ত ৪১টা বলত ৮৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল আয়াৰে। এইগৰাকী খেলুৱৈয়ে ‘প্লেয়াৰ অৱ দ্য মেচ’ খিতাপ লাভ কৰিছিল। এই ছিজনত এতিয়ালৈকে ১৬খন মেচ খেলি আয়াৰে মুঠ ৬০৩ ৰান সংগ্ৰহ কৰি গড়ে ৫৪.৮২ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৬টা অৰ্ধশতক আহিছে।

ইয়াৰ লগে লগে আয়াৰ একমাত্ৰ অধিনায়ক হিচাপে পৰিগণিত হয় যাৰ নেতৃত্বত আই পি এলৰ তিনিটা ভিন্ন দলে ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে শ্ৰেয়াছ আয়াৰে ২০২০ চনত দিল্লী কেপিটেলছক ফাইনেললৈ লৈ যোৱাৰ বিপৰীতে ২০২৪ চনত কেকেআৰে ফাইনেলত প্ৰৱেশ কৰিছিল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা এই খেলখন বৰষুণৰ বাবে পলমকৈ আৰম্ভ হৈছিল। টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ অহা মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২০৩ ৰান সংগ্ৰহ কৰে।

মুম্বাইৰ হৈ তিলক বাৰ্মা ৪৪ আৰু সূৰ্যকুমাৰ যাদৱে ৪৪ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে জনী বেয়াৰষ্টোৱে ৩৮ ৰান আৰু নমন ধীৰে দলৰ একাউণ্টত ৩৭ ৰান অৰিহণা যোগায়। পঞ্জাবৰ হৈ আজমাতুল্লাহ উমৰজাই সৰ্বাধিক দুটা উইকেট দখল কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাঞ্জাব কিংছ মাত্ৰ ১৯ অভাৰতে জয়লাভ কৰে। দলটোৰ হৈ সৰ্বাধিক ৮৭ ৰান সংগ্ৰহ কৰে অধিনায়ক আয়াৰে। এই সময়ছোৱাত তেওঁ নেহাল বাধেৰাৰ সৈতে চতুৰ্থ উইকেটৰ বাবে ৮৪ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব ভাগ কৰে। মুম্বাইৰ পৰা অশ্বিনী কুমাৰে সৰ্বাধিক দুটা উইকেট দখল কৰে।

এনেধৰণৰ দমনীয় প্ৰদৰ্শনেৰে ভাৰতীয় দলত স্থান লাভ কৰিব পাৰে আয়াৰে। উল্লেখ্য যে ২০২৩ চনৰ বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিছিল আয়াৰে। এই ধৰণৰ প্ৰদৰ্শনৰ বাবে শ্ৰেয়াছক ভৱিষ্যতে এদিনীয়া ভাৰতীয় দলৰ অধিনায়ক চাব বিচাৰে অনুৰাগীয়ে। তাক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে। কিয়নো সম্ভৱতঃ ২০২৭ চনৰ বিশ্বকাপৰ পিছতেই ৰোহিত শৰ্মাই ভাৰতীয় দলৰ পৰা অৱসৰ লব। আনহাতে টি-২০ আৰু টেষ্ট দলৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here