ধুবুৰী:-ধুবুৰীৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত আৰম্ভ হৈছে কন্দল ৷এজন জ্যেষ্ঠ কংগ্ৰেছীৰ প্ৰাৰ্থিত্বকেন্দ্ৰীক চৰ্চাই পুনৰ কংগ্ৰেছত উকমুকনি দিছে বিদ্ৰোহৰ৷এই বিতৰ্কৰ মধ্যমণি হৈছে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন৷লোকসভা নিৰ্বাচনলৈ বাকী মাজত মাথোঁ কেইটামান দিন৷তাৰ মাজতে বিপৰ্যয় চলিছে অসম প্ৰদেশ কংগ্ৰেছত৷ইতিমধ্যে প্ৰদেশ কংগ্ৰেছত চলি থকা বিবাদে জুৰুলা কৰিছে ভূপেন বৰা নেতৃত্বাধীন প্ৰদেশ কংগ্ৰেছক৷আৰু এতিয়া পুনৰ ধুবুৰী লোকসভা সমষ্টিক লৈ আৰম্ভ হৈছে বিদ্ৰোহ আৰু বিসম্বাদ৷
কাৰণ ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতাৰে সৰব হৈ পৰিছে বহু কংগ্ৰেছ নেতা৷ধুবুৰীৰ বৰ্তমানৰ সাংসদ তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক হৰুৱাবলৈ দৃঢ়প্ৰতিজ্ঞ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিছে বৰপেটা লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ আব্দুল খালেক৷কালি অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত খালেকে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছক স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে আহ্বান জনায়৷তদুপৰি খালেকে কয় যে-ৰকিবুল হুছেইনে নগাঁও লোকসভা সমষ্টিতহে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে!ধুবুৰীত তেওঁ খেলিব বিচাৰিছেনে নাই সেইটো মই নাজানো৷'
ইতিমধ্যে কংগ্ৰেছে অসমৰ ১৪টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীতালিকা কংগ্ৰেছ হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে৷এই প্ৰাৰ্থীসমূহৰ তালিকা ৰাজহুৱা হোৱা নাই যদিও বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ধুবুৰী লোকসভা সমষ্টিৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত নাম আছে বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেক,আব্দুল হালিম আৰু ৰকিবুল হুছেইনৰ নাম৷আৰু যদি ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয় তেন্ত এই কাৰ্যই আব্দুল খালেকৰ ৰাজনৈতিক ভৱিষ্যত নিঃশেষ কৰিব বুলি বহুতো ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে৷ইপিনে আব্দুল খালেকৰ সুৰতেই সুৰ মিলালে বিধায়ক আব্দুল ৰছিদ মণ্ডলে৷মণ্ডলৰ মতে ধুবুৰী সমষ্টিত স্থানীয় ভাষাত দখল থকা প্ৰাৰ্থীকহে অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে৷
উল্লেখ্য যে অসম জাতীয় পৰিষদৰ নেতা তথা পূৰ্বৰ কংগ্ৰেছী দুলু আহমেদে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ আনি কংগ্ৰেছ এৰিবলগীয়া ১০জন বিয়াগোম নেতাৰ নামো প্ৰকাশ কৰিছে৷এই তালিকাত নাম আছে-প্ৰদ্যুৎ বৰদলৈ,আব্দুল খালেক,ৰাণী নৰহ,মাধৱ ৰাজবংশী,ৰমেন বৰঠাকুৰ,জুবেৰ আনম,ববিতা শৰ্মা,ৱাজেদ আলী চৌধুৰী,আব্দুল হানিফ,মীৰা বৰঠাকুৰৰ নাম৷কিছুদিন পূৰ্বে আনকি কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ো ৰকিবুল হুছেইনৰ বাহিৰে জীতেন্দ্ৰ সিঙে আন কাৰো নাম নাজানে বুলি উল্লেখ কৰিছিল৷আৰু এতিয়া এনেদৰেই ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত সৃষ্টি হৈছে বিতৰ্কৰ৷
No comments:
Post a Comment