অসম: কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ ৰাজনীতিয়ে আউল লগাইছে প্ৰদেশ কংগ্ৰেছৰ সমীকৰণত৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰকিবুল হুছেইনে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটত কংগ্ৰেছক শ'লঠেকত পেলোৱাৰ সম্ভাৱনা এতিয়া অধিক স্পষ্ট, অধিক দৃঢ় হৈ পৰিছে৷
ধুবুৰীৰ ৰাজনীতিত জটিলতা সৃষ্টি কৰি এইবাৰ নগাঁৱৰ ৰাজনীতিত জটিলতা সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে ৰকিবুল হুছেইন৷ ত্ৰিকোণ সংঘাতত বিধ্বস্ত হৈ পৰিছে নগাঁও কংগ্ৰেছ৷ ৰকিৰ অভিমন্যু বধ বুলি লিখা পোষ্টাৰ আঁৰিলে নগাঁৱত৷ অভিমন্যু গৌৰৱ আৰু ৰকিবুল হুছেইনক দেখুওৱা হৈছে কৌৰৱৰ ৰূপত৷
ৰকিবুল হুছেইনৰ কাটআউটৰ বুকুতে লগালে পোষ্টাৰ৷ কংগ্ৰেছৰ অন্তৰ্কন্দলৰ মাজতে দেখা গৈছে এই পোষ্টাৰিং কাণ্ড৷ নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীক লৈ ৩ কংগ্ৰেছী নেতাৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে৷ গৌৰৱ গগৈয়ে বিচাৰিছে নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ৷ আনহাতে, গৃহ সমষ্টি বুলি ৰকিবুল হুছেইনৰো দাবী নগাঁও সংসদীয় সমষ্টি৷ ইপিনে, কোনোকাৰণতে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এৰিব বিচৰা নাই নগাঁও সমষ্টিটো৷ আৰু ৰকি-গৌৰৱৰ আগ্ৰাসী স্থিতিত অতীষ্ঠ হৈ কংগ্ৰেছক বিদায় জনোৱাৰ প্ৰস্তুতি চলাইছে প্ৰদ্যুৎ বৰদলৈয়ে৷
আনহাতে, আজি অসম বিধানসভা চৌহদত পোষ্টাৰিং প্ৰসংগত প্ৰশ্ন কৰাত ৰকিবুল হুছেইনে কয়— আজি কালি ছ’চিয়েল মিডিয়াৰ যুগ। মোক লৈ যিবোৰ চলিছে সেয়া চাই মই অনুমান কৰিছোঁ ৰাইজে মোক ভাল পায়। ৰকিবুল লগতে কয়, মুখ্যমন্ত্ৰীয়ে কয় নহয় আত্মা আমাৰ লগত আছে৷ কোনোবা আত্মাই ৰাতি আন্ধাৰত মনে মনে কৰিছে এই কাম৷ সিহঁত যদি ডালে ডালে মই পাতে পাতে। মুখ্যমন্ত্ৰীয়ে ৰিপোৰ্ট পাইছে যে এইবাৰ আমাৰ নিৰ্বাচনৰ ফলাফল ভাল হ'ব। সেয়ে আত্মাবোৰ লগাই দিছে।
No comments:
Post a Comment