উদয়পুৰ জিলা: ৰাজস্থানত চৰকাৰ সলনি হোৱাৰ পিছত ধাৰাবাহিকভাৱে বদলি চলি আছে। আই পি এছ আৰু আই এ এছ বদলিৰ পিছত এতিয়া জিলা পৰ্যায়ত আৰক্ষীৰ বদলি হৈ আছে। উদয়পুৰ জিলাৰ বহু থানাত সালসলনি কৰা হৈছে৷ আৰক্ষী বিষয়াৰ পৰা হেড কনিষ্টবললৈকে কৰা হৈছে সালসলনি।
ইয়াৰ মাজতে এক অনন্য বদলিকৰণ পোহৰলৈ আহিছে। উদয়পুৰৰ পৰা মেৰী নামৰ CID কুকুৰ এটাকো বদলি কৰা হৈছে। ইয়াৰ বাবে ট্ৰেন্সফাৰ অৰ্ডাৰ জাৰি কৰা হৈছে আৰু এতিয়া কুকুৰটোক ৰে’লৰ জৰিয়তে আন এখন জিলালৈ ট্ৰেন্সফাৰ কৰা হয়।
আচলতে এই স্নাইপাৰ কুকুৰটো উদয়পুৰ জিলাৰ চিআইডিৰ ডগ স্কোয়াডৰ অন্যতম অংশ আৰু চিনিয়ৰ কুকুৰ। কুকুৰটোক তদন্তৰ বাবে যিকোনো অপৰাধ স্থানলৈ লৈ যোৱা হয়। বিস্ফোৰক বিষয়ৰ বিশেষজ্ঞ মেৰী নামৰ কুকুৰটো। বহু অপৰাধ পোহৰলৈ অনাৰ ক্ষেত্ৰত মেৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
টিম ইনচাৰ্জ ভাগৱতী লালাই জনোৱা মতে কুকুৰটোক ভৰতপুৰ জিলালৈ বদলি কৰা হৈছে। এতিয়া মেৰীক ভৰতপুৰ চিআইডিত পোষ্ট কৰা হ'ব। পুলিচৰ দৰে মেৰীয়ে তাতো একে কৰ্তব্য পালন কৰিব। উদয়পুৰত আঠ বছৰ ধৰি CID বিভাগটোত কাম কৰিছিল মেৰীয়ে।
ডগ স্কোয়াডৰ দলৰ পৰা এটা বাৰ্তা জাৰি কৰা হৈছিল, য’ত কোৱা হৈছিল যে মেৰীৰ জন্ম হৈছিল ২০১৬ চনৰ ১ জানুৱাৰীত। মেৰী হৈছে দ্য কেনেল ক্লাব অৱ ইণ্ডিয়ানত পঞ্জীয়নভুক্ত কুকুৰ। Retriever Labrador জাতৰ কুকুৰ মেৰী আৰু মেৰী অতি প্ৰতিভাশালী। হাৰিয়ানা আইটিবিপিৰ প্ৰশিক্ষণ কেন্দ্ৰ পঞ্চকুলাৰ পৰা প্ৰশিক্ষণ লৈ বেচ-২০১৬ত বিস্ফোৰক শাখাত প্ৰথম স্থান লাভ কৰে।
মেৰীৰ প্ৰথম পোষ্টিং আছিল উদয়পুৰত। এতিয়া আঠ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভৰতপুৰ জ’নলৈ বদলি হ’ল মেৰী। মেৰী যাতে সুস্থ হৈ থাকে আৰু নিজৰ কৰ্তব্যসমূহ উন্নত পদ্ধতিৰে পালন কৰি যায়, তাৰে কামনা কৰিছে আৰক্ষী বিভাগে।
মেৰীৰ কপালত তিলক, ডিঙিত মালা আৰু গলবস্ত্ৰ পিন্ধাই সন্মানজনকভাৱে বিদায় দিয়া হয়। সেই সময়ত সকলোৰে চকু সেমেকি উঠাৰ লগতে মেৰীও আৱেগিক হৈ পৰিছিল।
No comments:
Post a Comment