দেশজুৰি বলৱৎ হ’ল ‘কা’ - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, March 11, 2024

দেশজুৰি বলৱৎ হ’ল ‘কা’


সংসদত গৃহীত হোৱাৰ পাঁচ বছৰৰ পাছত আজি কেন্দ্ৰই কাৰ্যকৰী কৰিলে নাগৰিকত্ব সংশোধনী আইন। ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে।


এই আইনৰ অধীনত এতিয়াৰে পৰা ২০১৪ চনৰ পূৰ্বে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দু, বৌদ্ধ, জৈন, শিখ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভাৰতত নাগৰিকত্ব লাভ কৰাৰ সুবিধা লাভ কৰিব। নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ অনলাইন ৱেব পৰ্টেলৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

যোৱা মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে CAA কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰিছিল।

২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদে প্ৰণয়ন কৰা CAAক লৈ সমগ্ৰ ভাৰতবৰ্ষত তীব্ৰ বিতৰ্ক আৰু ব্যাপক প্ৰতিবাদ হৈছিল। এই প্ৰতিবাদৰ প্ৰভাৱ আটাইতকৈ বেছি আছিল অসমত। পাঁচজনককৈ আন্দোলনকাৰী ছাত্ৰক গুলীয়াই হত্যা কৰিছিল বিজেপিৰ পুলিচ বাহিনীয়ে। জেললৈ প্ৰেৰণ কৰা হৈছে অসমৰ বহু যুৱক যুৱতীক। কেইবাদিনৰ বাবে চৰকাৰে বন্ধ কৰি দিছিল ইন্টাৰনেট সেৱা।

আজি এই আইন বলৱৎ কৰাৰ আগত অসমকে ধৰি দেশৰ বিভিন্ন স্থানত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে চৰকাৰে। গুৱাহাটীৰ ৰাজপথ ভৰি পৰিছে সেনা-আৰক্ষীৰে।

ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপকভাবে এই আইন বলৱৎ কৰা কাৰ্যক বিৰোধিতা কৰিছে হাজাৰ বিজাৰ লোকে। অসমৰ সকলো জাতীয় সংগঠনে ইয়াৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here