ফ্লেটত উদ্ধাৰ পৰ্ণ ছবিৰ তাৰকা ছফিয়া লিয়নীৰ মৃতদেহ - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, March 10, 2024

ফ্লেটত উদ্ধাৰ পৰ্ণ ছবিৰ তাৰকা ছফিয়া লিয়নীৰ মৃতদেহ


অনলাইন ফিচাৰ্ছঃ পৰ্ণ ছবিৰ তাৰকা ছফিয়া লিয়নীৰ মৃত্যু হৈছে। খবৰ অনুসৰি তেওঁৰ মৃতদেহ ১ মাৰ্চতে তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছিল। অৱশ্যে, চফিয়াৰ মৃত্যুৰ খবৰ তেওঁৰ পৰিয়ালে ইমান দিনে গোপনে ৰাখিছিল।

শেহতীয়াকৈঅভিনেত্ৰীগৰাকীৰ ভাতৃয়ে ছফিয়াৰ মৃত্যুৰ বিষয়ে আৰক্ষীক অৱগত কৰিছে। জানিব পৰা মতে অভিনেত্ৰীগৰাকীক ১ মাৰ্চত অচেতন অৱস্থাত তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছিল। পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ পৰিয়ালে ছফিয়াৰ মৃত্যুৰ খবৰটো কিয় গোপনে ৰাখিছিল তাকে লৈ সন্দেহৰ সৃষ্টি হৈছে। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় আৰক্ষীয়ে ছফিয়াৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে।

ছফিয়া লিয়নীয়ে ১৮ বছৰ বয়সৰ পৰাই পৰ্ণ ছবিৰ পৃথিৱীত ভৰি দিছিল। তেওঁ আৰম্ভণিৰে পৰাই মানুহৰ চকুত পৰিছিল। তেওঁ কেইবাটাও বঁটাও লাভ কৰিছিল। মৃত্যুৰ সময়ত ছফিয়াৰ বয়স হৈছিল ২৬ বছৰ। ছফিয়াৰ মৃত্যু স্বাভাৱিক নে তেওঁক হত্যা কৰা হৈছে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। পৰিয়ালটোৱে মৃত্যুৰ খবৰ কিয় লুকুৱাই ৰাখিছিল সেই বিষয়ত মাৰ্কিন আৰক্ষীয়ে অনুসন্ধান কৰি আছে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here