ধিক্! মানৱতা ৰাজপথত নামাজ পঢ়া মুছলমান ব্যক্তিক গোৰ শোধালে আৰক্ষীয়ে - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, March 9, 2024

ধিক্! মানৱতা ৰাজপথত নামাজ পঢ়া মুছলমান ব্যক্তিক গোৰ শোধালে আৰক্ষীয়ে


দিল্লী: দেশৰ ৰাজধানী দিল্লীত দেখিবলৈ পোৱা গ’ল এক ঘৃণনীয় কাণ্ড।
ৰাজপথত জুমাৰ নামাজ পঢ়া একাংশ মুছলমান লোকক বৰ্বৰভাৱে গোৰ শোধালে দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই।

এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
বিতৰ্কিত এই ঘটনা সংঘটিত হৈছে দিল্লীৰ ইণ্ডাৰলক অঞ্চলত। ইতিমধ্যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে বিষয়াগৰাকীক।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবৰীয়া নামাজৰ সময়ত ইণ্ডাৰলক অঞ্চলৰ এটা মছজিদত বৃহৎ জনসমাগম হয় আৰু অধিক ভিৰ হোৱাৰ বাবে পথত কেইবাজনো লোকে নামাজ পঢ়ে।

নামাজৰ সময়ত কেইজনমান আৰক্ষী বিষয়াই সেই স্থানত উপস্থিত হৈ মুছলমান লোকসকলক সেইস্থানৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰে। সেই সময়তে এজন আৰক্ষীয়ে আঁঠু লৈ নামাজ পঢ়ি থকা লোকসকলক গোৰ শোধায়।

আৰক্ষী বিষয়াজনৰ এই কাৰ্যই সেইস্থানত ব্যাপক ক্ষোভৰ সৃষ্টি কৰে। সমবেত লোকসকলে আৰক্ষী বিষয়াজনক ঘেৰি ধৰি তেওঁৰ আচৰণত আপত্তি প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here