অসম : বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ঐক্য আৰু সংহতি বিনষ্ট কৰাৰ অপচেষ্টাত সততে ব্যস্ত হৈ থকা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে যোৱা ১৫ মে'ত অসমৰ একাংশ বৈদ্যুতিক প্ৰচাৰ মাধ্যমত অসমৰ সত্ৰসমূহে ধৰ্মভিত্তিক উগ্ৰ হিন্দুত্ববাদৰ পোষকতা কৰা বুলি প্ৰকাশ কৰা মন্তব্যক অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে এনে সাম্প্ৰদায়িক মন্তব্য তৎকালীনভাৱে প্ৰত্যাহাৰ কৰিবলৈ বিধায়কগৰাকীক আহ্বান জনোৱাৰ লগতে সত্ৰসমূহৰ ওচৰত নিস্বৰ্ত্ব ক্ষমা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে।
অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি গোবিন্দ তালুকদাৰ আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত কয় যে, বিধায়কগৰাকীয়ে অসমীয়া জাতিৰ প্ৰাণ আৰু স্বাভিমানৰ প্ৰতীক আউনীআটী আৰু দক্ষিণপাট সত্ৰই মূলতঃ এনে উগ্ৰ হিন্দুত্ববাদৰ আশ্ৰয় লৈ অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰা আৰু জনজাতীয় লোকসকলৰ ওপৰত জোৰকৈ হিন্দুত্ববাদ জাপি দিয়াৰ বাবে চেষ্টা চলাই জনজাতীয় লোকসকলৰ মাজত যোৱা তিনিটা দশকজুৰি অসমৰ মূল সুঁতিৰ পৰা আঁতৰি যোৱাৰ এক প্ৰৱণতাৰ সৃষ্টি হোৱা বুলি কৰা অতি বিভাজনমুখী মন্তব্য প্ৰকাশ কৰি বিধায়কগৰাকীয়ে অসমৰ ঐতিহ্য আৰু সংহতিৰ ওপৰত থকা জ্ঞানৰ দৈন্যতাক উদঙাই দেখুৱাইছে।
বিধায়কগৰাকীয়ে কেৱল গড়মূৰ সত্ৰৰ পীতাম্বৰ গোস্বামীৰ বাহিৰে অইন সত্ৰবোৰে কেৱল হিন্দুত্ববাদক প্ৰাধান্য দিয়া আৰু জনজাতীয় লোকসকলৰ ওপৰত জোৰকৈ হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলোৱাৰ ফলত জনজাতীয় লোকসকল বিতুষ্ট হোৱা বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই সত্ৰ মহাসভাই বিবৃতিটোত কয় যে, ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্তই বড়ো জনগোষ্ঠীয় লোক অধ্যুষিত বৃহত্তৰ ওদালগুৰি অঞ্চলত মৃত্যুৰ আগমূহুৰ্ত লৈকে বড়ো জনগোষ্ঠীৰ লোকসকলৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে গুৰুদুজনাৰ কৃষ্টি-সংস্কৃতিৰ অনবৈদ্য অৱদান সত্ৰীয়া নৃত্য,বৰগীত,ভাওনা,বীৰনাম আদিৰ ব্যাপক প্ৰচলন কৰি এইলোকসকলক বৃহত্তৰ অসমীয়া জাতীয় সত্ত্বাৰ লগত একাত্ম কৰি তুলিছিল।
যি সত্ত্বা প্ৰতিষ্ঠা কৰাৰ বাবে গুৰুদুজনাই সমগ্ৰ জীৱনজুৰি নিজৰ কৰ্মযাত্ৰা অব্যাহত ৰাখিছিল। সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ মহাপ্ৰয়াণৰ পিছত বৰ্তমানে সত্ৰখনৰ সত্ৰাধিকাৰ হিচাপে বড়ো জনগোষ্ঠীয় ভকত নিৰঞ্জন বড়োই সত্ৰখন পৰিচালনা কৰি থকা কাৰ্য্যই বিধায়কগৰাকীয়ে জনজাতীয় লোকসকল বিতুষ্ট আৰু উপেক্ষিত হোৱা বুলি কৰা অভিযোগক নস্যাৎ কৰিছে। গুৰুদুজনাৰ অমূল্য কৰ্মৰাজি আজিও সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত।
গুৰুদুজনাই সকলো ধৰ্ম আৰু ভাষা-ভাষী লোকক সমদৃষ্টিৰে সন্মান জনাইছিল কাৰণেই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া "শঙ্কৰদেৱ বঁটা" বিজয়ী বশিষ্ঠদেৱ শৰ্মাৰ সৎকাৰ কাৰ্য্যত বিধায়কগৰাকীৰ সমষ্টিৰ মন্দিয়াৰ ইছলাম ধৰ্মীয় লোকে চন্দন কাঠ দান কৰি সন্মান জনোৱা কাৰ্য্যই সত্ৰই কেৱল যে হিন্দুত্ববাদতে যে আৱদ্ধ নহয় তাক প্ৰতীয়মান কৰিছে। অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে বিধায়কগৰাকীয়ে এনেদৰে নিকৃষ্ট কাৰ্য্যত ব্যস্ত থকাৰ সলনি যোৱা ২৬ অক্টোবৰত বাঘবৰৰ ঐতিহাসিক বৈঠাপুতা সত্ৰ সংযোগী পথটো ভূমিকম্পৰ ফলত তললৈ বহি গৈ ভকতসকলৰ যাতায়তৰ অনুপযোগী হৈ পৰা সত্ৰ সংলগ্ন পথটো পুনৰ মেৰামতি কৰাৰ নিচিনা জনহিতকৰ কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছে।
No comments:
Post a Comment