টপচেম চিমেন্টৰ দ্বাৰা বৃদ্ধাশ্রম আৰু শিশু যত্ন গৃহত আয়োজিত বাৰ্ষিক বিহুৰ শুভাৰম্ভ | Assam Bihu - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, April 10, 2025

টপচেম চিমেন্টৰ দ্বাৰা বৃদ্ধাশ্রম আৰু শিশু যত্ন গৃহত আয়োজিত বাৰ্ষিক বিহুৰ শুভাৰম্ভ | Assam Bihu


গুৱাহাটী, ১০ এপ্রিল, ২০২৫:
উত্তৰ পূব ভাৰতৰ এক অগ্রগণ্য চিমেন্ট ব্ৰেণ্ড টপচেম চিমেন্টে বৃদ্ধ আবাস আৰু অনাথ আশ্রমৰ শিশুসকলৰ মাজত আনন্দ আৰু হৰ্ষোল্লাস বৃদ্ধি কৰাৰ লক্ষ্যৰে তেওঁলোকৰ ব'হাগ বিহু ২০২৫, আয়োজনৰ শুভাৰম্ভণী কৰিছে। মেঘালয় চিমেন্ট লিমিটেডৰ বিক্রী আৰু বিপণন বিভাগৰ জ্যেষ্ঠ অধ্যক্ষ ড° অনিল কাপুৰে এই অনুষ্ঠানটোৰ শুভাৰম্ভণী কৰি আজি গুৱাহাটীত এই সংবাদমেলতো ভাগ লয়।

এই আয়োজন এইবাৰ পাঁচদিনীয়া হ'ব তদুপৰি কামৰূপ (মহানগৰ) আৰু কামৰূপ দুয়োখন জিলাস্হিত বাৰটাকৈ সংগঠন তথা প্ৰতিষ্ঠান ইয়াৰ লগত জড়িত হৈ থাকিব। এই আয়োজনৰ অংশ হিচাপে প্ৰতিটো কাৰ্য্যসূচীতে বিহুগীত আৰু বিহুনাচ সাংস্কৃতিক অনুষ্ঠানৰ লগত সংলগ্ন থাকিব। ইয়াৰোপৰি বিহুৰ পৰম্পৰাগত সুমিষ্ট খাদ্যসম্ভাৰ যেনে, লাৰু, পিঠা বিতৰণ কৰাৰ লগতে প্ৰতিটো প্ৰতিষ্ঠানলৈ বিশেষ উপহাৰ আগবঢ়োৱা হ'ব।

টপচেম চিমেন্টৰ বিক্রী আৰু বিপণনৰ জ্যেষ্ঠ অধ্যক্ষ ড° অনিল কাপুৰে এই উপলক্ষত তেওঁৰ মতামত এইদৰে ব্যক্ত কৰে, "টপচেম চিমেন্টে এই কাৰ্য্যসূচী ৰূপায়ন কৰি গৌৰৱ অনুভৱ কৰে,কিয়নো এই প্ৰতিষ্ঠানসমূহৰ আবাসীসকললৈ এই আয়োজনে আনন্দ কঢ়িয়াই আনে, অন্যথা তেওঁলোকে এনে ধৰণৰ উৎসৱত অংশগ্রহণ কৰিবলৈ সুবিধা নাপায়। অনাগত বছৰবোৰতো আমাৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ"।

ব'হাগ বিহু, ২০২৫, উদ্বোধনী কাৰ্য্যসূচী কামৰূপ জিলাৰ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্রমত অনুষ্ঠিত হৈছিল। আগন্তুক দিনত নিম্নলিখিত স্থানসমূহতো তদ্রুপ কাৰ্য্যসূচী ৰূপায়ন কৰা হ'ব: অসম শিশু কল্যাণ সদন, জালুকবাৰী; কল্যাণী নিবাস, ৰূপনগৰ; শান্তনীৰ ওল্ড এজ হোম, আমেৰীগোগ, নমাইল; শিশু সাৰথি, বিৰুবাৰী; চেনেহ-ভাৱদা দেবী মেম'ৰিয়েল হোম (নিস্ব মহিলাৰ বাবে), কাহিলীপাৰা; আমাৰ ঘৰ ওল্ড এজ হোম, পাথৰ কুঁৱৰী; আপোন ঘৰ ওল্ড এজ হোম, আশাদীপ, বকো; মা কামাখ্যা ওল্ড এজ হোম, বাঘৰবড়ী; প্ৰিয় বন্ধু বহুমূখী বিদ্যালয়, সোণাপুৰ; আৰু আনন্দ ওল্ড এজ হোম, তেজপুৰ।

এই প্ৰচেষ্টাৰ প্ৰাথমিক উদ্দেশ্য হৈছে বৃদ্ধাশ্রমৰ আৱাসী আৰু শিশু যত্ন গৃহত থকা হিতাধিকাৰী সকলৰ মনত ব'হাগ বিহু উৎসৱৰ আনন্দৰ মনোভাব জাগ্রত কৰি তোলা -- এই বিশেষ সময়ত তেওঁলোকক সুখৰ অনুভূতি প্ৰদান কৰি এক আপোন ভাৱ বৃদ্ধি কৰাটো নিশ্চিত কৰা। তদুপৰি এই পদক্ষেপে সামাজিক পৰিৱৰ্তন অনাৰ লগতে প্ৰয়োজনীয় লোকক বিশেষকৈ কঠিন পৰিস্থিতিত বসবাস কৰা লোকসকলক, গুৰুত্বপূৰ্ণ সেৱা প্ৰদান কৰাত স্বেচ্ছাসেৱী সংগঠন আৰু ব্যক্তিসকৰ প্ৰয়োজনীয় ভূমিকাক সলাগ লয় আৰু ভূয়সী প্ৰসংশা কৰে।

টপচেম চিমেন্টে বিগত ২০১০ চনৰে পৰাই বৃদ্ধাশ্রম, অনাথ আশ্রম, মানসিক স্বাস্থ্য গৃহ আৰু বিশেষভাবে সক্ষম শিশুসকলৰ বাবে ব'হাগ বিহু উদযাপিত কৰি আহিছে আৰু এই পদক্ষেপ অনাগত বৰ্ষবোৰটো এইসকলোলৈকে বিহু উৎসৱৰ আনন্দ প্ৰবাহমান কৰি ৰাখিবলৈ অঙ্গীকাৰবদ্ধ হৈ থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here