)
চীন আৰু বাংলাদেশৰ মিতিৰালিয়ে চিন্তা বঢ়াইছে ভাৰতৰ। ভাৰতে চীন আৰু বাংলাদেশক নাকী লগাবলৈ গ্ৰহণ কিৰছে ডাঙৰ পদক্ষেপ। শেহতীয়াকৈ চীনা সৈন্যৰ বিষয়াই বাংলাদেশৰ লালমনিৰহাটত এক পুৰণি এয়াৰবেছৰ বুজ লয়, যিটো ভাৰতৰ শিলিগুড়ি কৰিড’ৰৰ পৰা মাত্ৰ কিছু নিলগত অৱস্থিত। এই কৰিড’ৰক কোৱা হয় ‘চিকেন নেক’। ভাৰতৰ বাবে এই ‘চিকেন নেক’ খুবেই গুৰুত্বপূৰ্ণ, কিয়নো ই পূৰ্বোত্তৰৰ ৰাজ্যসমূহক দেশৰ সৈতে সংলগ্ন কৰে। বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ বিৰুদ্ধে বিৰূপ মন্তব্যই যেন জ্বলা জুইত ঘিউহে ঢালিছে। ইউনুছৰ চৰকাৰে চীন আৰু পাকিস্তানৰ সৈতে বন্ধুত্ব বৃদ্ধি কৰাটোৱে ভাৰতৰ চিন্তা বৃদ্ধি কৰিছে।
বিপদৰ অনুমান কৰি ভাৰতে শিলিগুড়ি কৰিড’ৰত নিজৰ সেনা শক্তি বৃদ্ধি কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় সেনাই ইয়াৰ আশেপাশে সৈন্য অনুশীলন কৰিছে। আনহাতে, এতিয়া খবৰ আহিছে যে ৰাছিয়াত নিৰ্মিত S-400 এয়াৰ ডিফেন্স ছিষ্টেম নিয়োগ কৰা হৈছে, যিয়ে ৪০০ কিলোমিটাৰ ৰেঞ্জ পৰ্যন্ত যিকোনো বিপদত একেলগে নষ্ট কৰিব পাৰে। ইয়াৰ লগতে, হাছিমাৰা এয়াৰবেছত ৰাফেল ফাইটাৰ জেটৰ এক স্কোৱাড্ৰন নিয়োগ কৰা হৈছে, যি মেটিয়’ৰ মিছাইল আৰু উন্নত ইলেকট্ৰনিক যুদ্ধ প্ৰণালীৰে সজ্জিত। ব্ৰাহ্মোছ ক্ৰুজ মিছাইল ৰেজিমেণ্ট আৰু আকাশ মিছাইল ছিষ্টেমো এই অঞ্চলত স্থাপন কৰা হৈছে, যিয়ে যিকোনো বিপদক শীঘ্ৰে প্ৰত্যুত্তৰ দিবলৈ সক্ষম।
যোৱা বছৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাষত বাংলাদেশৰ টিবি২ ড্ৰোন উৰণৰ ঘটনাই ভাৰতক আৰু অধিক সতৰ্ক কৰি তুলিছিল। ভাৰতীয় সেনাই সকীয়াই দিছে যে যদি কোনো বিমান বা ড্ৰ’নে ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰে তেন্তে সেই বিমান তৎক্ষণাত ধ্বংস কৰা হ’ব। বাংলাদেশে তুৰস্কৰ পৰা ১২খন টিবি২ ড্ৰোন ক্ৰয় কৰিছে আৰু এতিয়া পাকিস্তানে চীনত নিৰ্মিত জে এফ-১৭ থাণ্ডাৰ যুদ্ধ বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, যিটো ভাৰতৰ বাবে চিন্তাৰ বিষয়।
No comments:
Post a Comment