অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ এক অনন্য প্ৰচেষ্টাৰে সফলতা অৰ্জন কৰিছে। দেশজুৰি আৰম্ভ হোৱা কৃত্ৰিম বুদ্ধিমত্তাকেন্দ্ৰিক চিনাক্তকৰণ ব্যৱস্থাৰ অংশ হিচাপে ৰাজ্যসমূহৰ ভিতৰতে 1.35 মিলিয়ন গ্ৰাহকক এয়াৰটেলে সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অত্যাধুনিক সুবিধাসম্পন্ন অনলাইন প্ৰৱঞ্চনা চিনাক্তকৰণ ব্যৱস্থা আৰম্ভ কৰাৰ 33 দিনৰ ভিতৰতে এয়াৰটেলে এই সফলতা প্ৰাপ্তি কৰিছে।
এয়াৰটেলৰ সকলো মোবাইল আৰু ব্ৰ'ডবেণ্ড গ্ৰাহকৰ বাবে স্বয়ংক্ৰিয়ভাৱে এই ব্যৱস্থা সক্ৰিয় কৰা হৈছে। ইয়াৰ জৰিয়তে এছ এম এছ, হোৱাটছএপ, টেলিগ্ৰাম, ফে'চবুক, ইনষ্টাগ্ৰাম, ই-মেইল আৰু অন্যান্য ব্রাউজাৰৰ লিংকসমূহ পৰীক্ষা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়। ৰিয়েল-টাইম থ্ৰেট ইণ্টেলিজেন্সৰ সহায়ত দৈনিক 1 বিলিয়নতকৈ অধিক ইউ আৰ এল পৰীক্ষা কৰা হয় আৰু বিপদজনক ৱেবছাইটসমূহ 100 মিলিছেকেণ্ডৰ ভিতৰত বন্ধ কৰা হয়।
উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিয়ে “Your package is delayed. Track it here: http://www.tracky0urparcell.com”- অৰ্থাৎ আপোনাৰ পেকেজটো কিছু পলম হৈছে, http://www.tracky0urparcell.com- ৰ জৰিয়তে অনুসৰণ কৰিব পাৰিব”-ৰ দৰে সন্দেহজনক মেছেজ লাভ কৰাৰ পাছত সেই লিংকটোত ক্লিক কৰে, তেন্তে এয়াৰটেলৰ এই চিনাক্তকৰণ ব্যৱস্থাটোৱে তাৎক্ষণিকভাৱে সুৰক্ষামূলক কাম কৰিবলৈ আৰম্ভ কৰিব। এই ব্যৱস্থাই তৎকালীনভাৱে লিংকটো পৰীক্ষা কৰে আৰু যদি লিংকটো সন্দেহজনক বুলি চিনাক্ত কৰা হয়, তেন্তে সেই ছাইটটো ব্লক কৰি দিয়া হয়। ইয়াৰ পাছতেই ব্যৱহাৰকাৰীক এটা সতর্কবাণী মেছেজ প্ৰেৰণ কৰা হয় - “Blocked! Airtel found this site dangerous!” অৰ্থাৎ “ব্লক কৰা হৈছে। এয়াৰটেলে এই ছাইটটো বিপদজনক হিচাপে চিনাক্ত কৰিছে!” এই সমগ্ৰ প্ৰক্ৰিয়াটো অতি কম সময়ৰ ভিতৰতেই সংঘটিত হয়। বাস্তৱ সময়ৰ এই ব্যৱস্থাটোৱে ব্যৱহাৰকাৰীক বিভিন্ন অনলাইন প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত কৰি ৰাখে।
এই পদক্ষেপ সন্দৰ্ভত ভাৰতী এয়াৰটেল, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ৰবি শংকৰ মিশ্ৰ ই মন্তব্য প্ৰকাশ কৰি কয়, "ডিজিটেল ভাবুকিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত আমি প্ৰচেষ্টা আগবঢ়াবলৈ পাই আনন্দিত হৈছোঁ। পৃথিৱীৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক অনলাইন প্ৰৱঞ্চনা চিনাক্তকৰণ ব্যৱস্থা আমাৰ নেটৱৰ্কত সংযুক্ত কৰিবলৈ সক্ষম হোৱাৰ বাবে আমি গৌৰৱবোধ কৰিছোঁ। এই ব্যৱস্থাই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলক এক নতুন, সুৰক্ষিত আৰু নিৰাপদ ডিজিটেল অভিজ্ঞতা আগবঢ়াই বিশেষ খণ্ডটোত আমাৰ কৃতিত্বৰ এক নতুন পৰিচয় দাঙি ধৰিব।"
ভাৰতৰ ডিজিটেলী উন্নত ৰাজ্যসমূহৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলেও বিশেষ স্থান লাভ কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ নগৰ আৰু গ্ৰামাঞ্চলত অনলাইন প্ৰৱঞ্চনাৰ ভাবুকি ক্ৰমাৎ বৃদ্ধি পাই আহিছে। প্ৰৱঞ্চকসকলে ভুৱা লিংক, ভুৱা ডেলিভাৰী আৰু ভুৱা বেংকিঙৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক লক্ষ্য কৰি লৈছে। গুৱাহাটী, শ্বিলঙ, কোহিমা, ইটানগৰ আদি চহৰসমূহৰ লগতে মৰিগাঁও, নগাঁও, ধুবুৰী আদিৰ দূৰ্গম নগৰসমূহতো এই ব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সমাধানৰ বাট মুকলি কৰিবলৈ এয়াৰটেলে গ্ৰহণ কৰা প্ৰচেষ্টাই ৰাজ্যব্যাপী বহু পৰিয়াল, জ্যেষ্ঠ নাগৰিক, গৃহিণী, শিক্ষাৰ্থী আৰু প্ৰথমবাৰৰ বাবে স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক সুৰক্ষা প্ৰদান কৰিছে।
কৃত্ৰিম বুদ্ধিমত্তা চালিত এই ব্যৱস্থাই গ্ৰাহকৰ পছন্দৰ ভাষা অনুযায়ী প্ৰৱঞ্চনাৰ সতৰ্কবাণী প্ৰদান কৰে। এই পদক্ষেপত অসমীয়া ভাষাও অন্তৰ্ভুক্ত কৰা হৈছে। এই ব্যৱস্থা বৈচিত্ৰ্যময় অসমৰ জনসাধাৰণৰ বাবে সহায়ক হৈ পৰিছে। যিসমূহ জিলাত ডিজিটেল সজাগতাৰ কিছু অভাৱ দেখিবলৈ পোৱা যায় তথা ইংৰাজী ভাষাৰ প্ৰয়োগ কম, সেইবোৰ এলেকাত এই ব্যৱস্থা ফলপ্ৰসূ হিচাপে পৰিগণিত হৈছে।
এই ব্যৱস্থাৰ বিভিন্ন সুফল দেখিবলৈ পোৱা যায়। ইয়াৰ ব্যৱহাৰৰ বাবে কোনোধৰণৰ ইনষ্ট’লেশ্যনৰ প্ৰয়োজন নাই। অৰ্থাৎ এই সেৱা সম্পূৰ্ণ বিনামূলীয়া। অনলাইন বেংকিঙৰ পৰা বিভিন্ন ই-সেৱাৰ সুবিধালৈকে ডিজিটেল জগতৰ প্ৰয়োগৰ ক্ষেত্ৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল আগৰণুৱা হিচাপে পৰিগণিত হৈছে আৰু এয়াৰটেলৰ এই পদক্ষেপে ৰাজ্যখনত অধিক সুৰক্ষিত ডিজিটেল পৰিৱেশ গঢ়ি তুলিবলৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব – সেয়া গুৱাহাটীত কাম ক কোনো ব্যৱসায়ী, শ্বিলংৰ কোনো গৃহিণী অথবা ইটানগৰৰ কোনো শিক্ষাৰ্থীয়ে হওক, এয়াৰটেলে সকলোৰে বাবে ডিজিটেল ক্ষেত্ৰখনক অধিক সুৰক্ষিত কৰি তোলাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰি যাব।
কৃত্ৰিম বুদ্ধিমত্তা চালিত ব্যৱস্থাটোৰ প্ৰয়োগ :
এই ব্যৱস্থা মুকলি হোৱাৰ বিগত 33টা দিনৰ ভিতৰতেই এয়াৰটেলে সমগ্ৰ দেশতে 186,000কৈ অধিক বিপদজনক লিংক ব্লক কৰি 82.5 মিলিয়ন ব্যৱহাৰকাৰীক সুৰক্ষিত কৰিছে।
No comments:
Post a Comment