পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল'লে ইপ্সিতা দাসে - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, June 19, 2025

পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল'লে ইপ্সিতা দাসে

I am just a loser papa... পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল'লে ইপ্সিতা দাসে। ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?

মহানগৰীত পুনৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু। ভঙাগড়ৰ চিলাৰায় পথৰ নিজৰ ঘৰত উদ্ধাৰ হৈছে ইপ্সিতা দাস নামৰ ২১ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ। প্ৰেমিকৰ মানসিক নির্যাতনৰ বলি হৈ চৰমপন্থা লোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। চিন্টু কলিতা নামৰ এজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ পৰিয়ালৰ।

৩৮ বছৰীয়া চিন্টু কলিতা আছিল ইপ্সিতাৰ দূৰ সম্পৰ্কীয় মোমায়েক। দূৰ সম্পৰ্কীয় মোমায়েকেই ইপ্সিতাক প্ৰেমৰ জালত পেলাই ধন সম্পত্তি দাবী কৰাৰো অভিযোগ পৰিয়ালৰ।ইপ্সিতাৰ লগত প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো আন এগৰাকী যুৱতীৰ সৈতে বিবাহ ঠিক কৰিছিল চিন্টুৱে ।এই কাৰণতেই মানসিকভাৱে ভাঙি পৰি চৰম পন্থা লোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। চানমাৰি পিয়লি ফুকন পথত ঘৰ ইপ্সিতাৰ পৰিয়ালে অভিযুক্ত বুলি দাবী কৰা চিন্টু কলিতাৰ।মৃত্যুৰ পূৰ্বে ইপ্সিতাই পিতৃলৈ হোৱাটএপছ যোগে প্ৰেৰণ কৰিছিল এক বিশেষ মেছেজ। 

ইপ্সিতাই লিখিছিল 'পাপা মই দুঃখিত, মই এয়া কৰিবলগীয়া আছিল। সঁচাকৈয়ে মোৰ হাতত আন কোনো উপায় নাছিল। ইয়াৰ বাবে মই কাকো দোষ নিদিওঁ, সকলো মোৰ দোষ। আৰু সকলোৰে বিৰুদ্ধে যুঁজিবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু আৰু নোৱাৰো, মই যুঁজি ভাগৰি পৰিছো। I am just a loser papa... মই জানো এতিয়া মা সুখী হ'ব, মায়ে নহয়, তেওঁৰ আপোন মানুহবোৰো সুখী হ'ব। মায়েটো এনেও বিচাৰিছিলে মই মৰি যোৱাটো, মায়েটো এনেও কৈছিলে যে মই জন্ম পোৱাৰ লগে লগে মোক মাৰি পেলাব লাগছিল, মই মৰি গ'লেও মাৰ কোনো আপচোছ নহয় বুলি কৈয়ে দিছিল। বেলেগ একো নাই মই মাত্ৰ বিচাৰো তেওঁ সুখী হোৱাটো। 
মোৰ কাৰণে বহুত অশান্তি পাইছে মায়ে, মোৰ কাৰণে লাজ পাইছে, মোৰ কাৰণে মানুহৰ আগত মুখ দেখাব নোৱাৰা হৈছে গতিকে মই সকলোবোৰ সলনি কৰি দিছোঁ। সঁচাকৈয়ে তোমাৰ বেয়া ছোৱালী আছিল পাপা। মই যি ভাল পাইছিলো অকল সেইটোৱে কৰিছিলো কাৰো কথা নুশুনিচিলো কিন্তু, মায়ে অকল এটাই বিচাৰিছিল যে মই যাতে অকল মাৰ হিচাপত চলো, কিন্তু নোৱাৰো মই মাৰ হিচাপত চলিব। মোৰ হাতত আন কোনো অন্য উপায় নাছিল। এইটোৱেই একমাত্র উপায়, এতিয়া সবেই সুখী হ'ব। ক্ষমা কৰিবা পাপা মই আৰু এইটো সহ্য কৰিব নোৱাৰো। সঁচাকৈয়ে তুমি মোতকৈ ভাল কন্যাৰ যোগ্য, মই এই পৃথিৱীৰ আটাইতকৈ বেয়া ছোৱালী। তুমি কিবা আগৰ জন্মত পাপ কৰিছিলা চাগে, সেই কাৰণে মোৰ দৰে ছোৱালী এজনী পাইছা। ক্ষমা কৰিব পাপা, সঁচাকৈয়ে সঁচাকৈয়ে ক্ষমা কৰিবা। মোৰ কেতিয়াও জন্ম নহ'লে ভাল আছিল। মই তোমাক ভাল পাওঁ পাপা
আৰু মই দুখ পাইছো যে মই নিজৰ বাবে যুঁজিব পৰাকৈ শক্তিশালী হ'ব পৰা নাছিলো। ক্ষমা কৰিবা। মোৰ বহুত কথা আপোনাক ক'বলগীয়া আছিল যদিও ক'ব পৰা নাছিলো আৰু এতিয়া কথাবোৰ ক'বলৈ বহু পলম হৈ গ'ল। গতিকে মাত্র মোক যাবলৈ দিয়া এইটো সকলোৰে বাবে ভাল হ'ব। আৰু অনুগ্ৰহ কৰি তেওঁক মোৰ বিষয়ে জনাবা, মোৰ প্ৰতিটো মুহূর্ততে তেওঁক উপস্থিত থাকিব দিবা। মই পাপা জীয়াই থাকিব বিচাৰিছিলো, কিন্তু সিহঁতে মোক শান্তিৰে জীয়াই থাকিবলৈ নিদিলে। গতিকে নিজৰ শান্তি মই নিজে বাছি লৈছো

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here