প্ৰাইম ২৪ ইণ্ডিয়াৰ প্ৰথম বৰ্ষপূৰ্তি আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন | Prime 24 India celebrates its first anniversary and award ceremony - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, October 6, 2025

প্ৰাইম ২৪ ইণ্ডিয়াৰ প্ৰথম বৰ্ষপূৰ্তি আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন | Prime 24 India celebrates its first anniversary and award ceremony

সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰতেই জাতিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰেঃ সঞ্জীৱ কুমাৰ ফুকন


গুৱাহাটী, ৬ অক্টোবৰঃ বৰ্তমান যেন সংবাদ মাধ্যমৰ বিস্ফোৰণ ঘটিছে। মূলসূতিৰ সংবাদ মাধ্যমৰ পৰা বৰ্তমান সময়ত চৌদিশে সিচৰিত হৈ পৰা ৱেব মিডিয়া বা নিউজ পৰ্টেলৰ ভূমিকাক লৈ কিন্তু সমানেই প্ৰশ্নৰ অৱতাৰণা হৈছে। কিয়নো সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰতেই জাতিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে- এই মন্তব্য জ্যেষ্ঠ সাংবাদিক তথা দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনৰ। 


উল্লেখ্য যে, ৱেব মিডিয়া বা নিউজ পৰ্টেলৰ ভিৰৰ মাজতো কিছু গতানুগতিক আৰু কিছু ব্যতিক্ৰমী চিন্তাধাৰাৰে শুদ্ধ খবৰ আৰু সত্য ঘটনাৰ সন্ধানত জন্মলাভ কৰা প্ৰাইম ২৪ ইণ্ডিয়াৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সংবাদ মাধ্যমৰ গুৰুত্ব, প্ৰয়োজনীয়তা আৰু ভূমিকা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এনেদৰে মন্তব্য আগবঢ়ায়। তদুপৰি সম্পাদক চাহিন চুলতানাই আদৰণি অভিভাষণ পাঠ কৰা অনুষ্ঠানটিত প্ৰাক্তন সাংসদ আব্দুল খালেক, জ্যেষ্ঠ সাংবাদিক গিৰীন্দ্ৰ শইকীয়া, বিশিষ্ট ব্যৱসায়ী মজনু আহমেদ, লেখিকা তথা সমাজ-সেৱিকা মানসী আদিলেও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সংবাদ মাধ্যম সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। 


ঘোষক হিচাপে সাংবাদিক ছৈয়দ বুলবুল জামানুৰ হকে আঁত ধৰা অনুষ্ঠানটিত সংবাদ জগতত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা সাংবাদিক তথা প্ৰতিবিম্ব সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰী, সম্পাদক তফিক উদ্দিন আহমেদক প্ৰাইম সাংবাদিক উতকৰ্ষ বঁটা, শিক্ষাৰ ক্ষেত্ৰৰ পৰা চন্দ্ৰপ্ৰভা শইকীয়ানী একাডেমীৰ মূল ব্যক্তি তথা শিক্ষক কিশোৰ দাসক প্ৰাইম আদৰ্শ শিক্ষক বঁটা, জনতাৰ হকে, ন্যায়ৰ সপক্ষে মাত মাতি ৰাজ্যখনত সত্যৰ কণ্ঠ হিচাপে পৰিচিত হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহ নাৱাজ আহমেদক প্ৰাইম জনকণ্ঠ বঁটা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলেক প্ৰাইম যুৱ প্ৰেৰণা বঁটা, ৰাজনৈতিক দলৰ উৰ্ধত গৈ নিজকে প্ৰতিষ্ঠা কৰা ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰী ফৰিদা ইয়াছমিন মিঞা প্ৰাইম আদৰ্শ নাৰী বঁটা, সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষ সমাদৰ লাভ কৰা গুৱাহাটীৰ সবিতা ঠাকুৰীয়াক প্ৰাইম সাংস্কৃতিক উতকৰ্ষ বঁটা, ৰাজনৈতিকভাৱে জড়িত থাকি্ও সমাজৰ হৈ বিশেষভাৱে সেৱা আগবঢ়াই অহা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৃত বাদশ্বাহ, বিপিএফ নেত্ৰী বেগম আখতাৰা আহমেদ আৰু এআইইউডিএফ নেতা অধিবক্তা বৰহান আলীক ২০২৫ বৰ্ষৰ প্ৰাইম সমাজ হিতৈষী বঁটা প্ৰদান কৰা হয়। 


অনুষ্ঠানৰ মাজতে প্ৰাণৰ শিল্পী, অসমৰ সম্পদ জুবিন গাৰ্গক স্মৰণ কৰি মৌন প্ৰাৰ্থনাৰে মহান শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here