চিট্ৰ’এন ইণ্ডিয়াই এইচ ডি এফ চি বেংকৰ সৈতে সহযোগিতা কৰি সম্পূৰ্ণ খুচুৰা আৰু ডিলাৰ বিত্তীয় সমাধান আগবঢ়াব - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, September 4, 2025

চিট্ৰ’এন ইণ্ডিয়াই এইচ ডি এফ চি বেংকৰ সৈতে সহযোগিতা কৰি সম্পূৰ্ণ খুচুৰা আৰু ডিলাৰ বিত্তীয় সমাধান আগবঢ়াব

চিট্ৰ’এন ইণ্ডিয়াই এইচ ডি এফ চি বেংকৰ সৈতে সহযোগিতা কৰি সম্পূৰ্ণ খুচুৰা আৰু ডিলাৰ বিত্তীয় সমাধান আগবঢ়াব

• ভাৰতত ষ্টেলান্টিছ ব্ৰেণ্ডৰ বাবে এইচডিএফচি বেংক পছন্দৰ বিত্তীয় প্ৰতিষ্ঠান হৈ পৰে: ইয়াৰ পূৰ্বে জীপ, মাছেৰাটি আৰু এতিয়া চিট্ৰ’এনৰ সৈতে।

• গ্ৰাহকসকলে আকৰ্ষণীয় সুতৰ হাৰ, নমনীয় ধন পৰিশোধৰ বিকল্প,৩০ মিনিটৰ ডিজিটেল অনুমোদন আৰু শূন্য কাগজ-পত্ৰৰ সৈতে এইচডিএফচি এক্সপ্ৰেছ গাড়ী ঋণ লাভ কৰিব

গুৱাহাটী, ০৪ ছেপ্টেম্বৰ ২০২৫: ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে চিট্ৰ’এন (Citroën) ইণ্ডিয়াৰ সৈতে সহযোগিতা কৰি সম্পূৰ্ণ আৰু শীৰ্ষ মানৰ খুচুৰা আৰু ডিলাৰ বিত্তীয় সমাধান আগবঢ়াইছে । এই কৌশলগত পদক্ষেপে ষ্টেলান্টিছ–এইচডিএফচি মিত্ৰতাক আৰু অধিক শক্তিশালী কৰি তুলিছে, যাৰ ফলত এইচডিএফচি বেংক ভাৰতৰ সকলো ষ্টেলাণ্টিছ ব্ৰেণ্ডৰ বাবে একচেটিয়া পছন্দৰ বিত্তীয় সংস্থা হিচাপে পৰিগণিত হৈছে, য’ত আছে জীপ, মেছেৰাটিয়া আৰু এতিয়া চিট্ৰ’ন।

এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে শ্রী. শিশীৰ মিশ্ৰ, ব্যৱসায়িক মুৰব্বী আৰু সঞ্চালক ষ্ট্ৰেটেজিক পাটনাৰচিপ এণ্ড ইনচটিউচনেল বিজনেছ, ষ্টেলান্টিছ ইণ্ডিয়া আৰু শ্ৰী অখিলেশ কুমাৰ ৰয়,ব্যৱসায়িক মুৰব্বী – অটো ঋণ, ইনভেণ্টৰী ফাইনেন্স আৰু টু-হুইলাৰ ঋণ,এইচ ডি এফ চি বেংক। এই উপলক্ষে ষ্টেলান্টিছ ইণ্ডিয়া আৰু এইচ ডি এফ চি বেংকৰ কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যবাহী উপস্থিত থাকে।

দুটা দশকৰো অধিক সময় ধৰি প্ৰতিষ্ঠা হোৱা এইচ ডি এফ চি বেংকৰ সমগ্র ভাৰতীয় প্ৰসাৰতাৰ ব্যৱহাৰৰ জৰিয়তে এই সহযোগিতা চিট্ৰ’নৰ গ্ৰাহক আৰু ডিলাৰ উভয়কে উল্লেখযোগ্য আৰ্থিক সহায় আগবঢ়ায়। গ্ৰাহকৰ বাবে এই সহযোগিতা ই আকৰ্ষণীয় সুতৰ হাৰ আৰু নমনীয় পৰিশোধ বিকল্পৰ সৈতে বৰ্ধিত সুবিধা আৰু সুলভতা আনে।

ইয়াৰ এটা অনন্য বৈশিষ্ট্য হ’ল এইচডিএফচি এক্সপ্ৰেছ কাৰ লোন ১০০% ডিজিটেল ইন্টাৰফেছৰ জৰিয়তে ৩০ মিনিটোত ডিজিটেল অনুমোদন আৰু বিতৰণ কৰা যাৰ ফলত কোনো ধৰণৰ ভৌতিক নথিপত্ৰৰ প্ৰয়োজনীয়তা নাইকিয়া হয়। ইয়াৰ ফলত গাড়ী ক্ৰয় প্ৰক্ৰিয়াৰ গ্ৰাহকৰ অভিজ্ঞতা সুশৃংখলিত, ক্ষিপ্ৰ আৰু উন্নত হয়।

চিট্ৰ’এন ডিলাৰসকলে বিশেষ সুবিধাপ্ৰাপ্ত চৰ্ত, আকৰ্ষণীয় আৰু প্ৰতিযোগিতামূলক সূতৰ হাৰ, আৰু তেওঁলোকৰ ব্যৱসায়িক প্ৰয়োজন অনুসৰি বিস্তৃত বিত্তীয় সমাধানৰ দ্বাৰা লাভৱান হ’ব। এই অংশীদাৰিত্বই কাৰ্য্যকৰী মূলধন আৰু ইনভেন্টৰি ফাউণ্ডিং ৰ বাবেও নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰে, যাৰ ফলত ডিলাৰসকলক অধিক বিত্তীয় চঞ্চলতা আৰু কাৰ্য্যকৰী দক্ষতাৰে সৱলীকৰণ কৰা হয়।


শ্রী. শিশিৰ মিশ্ৰ ব্যৱসায়িক মুৰব্বী আৰু সঞ্চালক ষ্ট্ৰেটেজিক পাটনাৰচিপ এণ্ড ইনচটিউচনেল বিজনেছ ষ্টেলান্টিছ ইণ্ডিয়া , এই ঘোষনাৰ প্রতি সহাৰি জনায় কয়-" গাড়ী ক্রয় যাএাত বিওীয় সাহায্য ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ বিত্তীয় পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ উপৰিও এইচডিএফচি বেংকৰ সৈতে এই সহযোগিতাই প্ৰতিটো টাচপইণ্টতে ব্যাপক, ব্যৱহাৰিক আৰু নিৰ্ভৰযোগ্য অভিজ্ঞতা প্ৰদানৰ প্ৰতি আমাৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এইচ ডি এফ চি বেংক গ্ৰুপৰ খুচুৰা সম্পত্তিৰ মুৰব্বী অৰবিন্দ ভোহৰাই কয় যে, "আমি চিট্ৰ'নৰ সৈতে কাম কৰি এক সুশৃংখলিত অটো-ফাইনেন্সিং অভিজ্ঞতা প্ৰদান কৰি সুখী। এইচ ডি এফ চি বেংকৰ বিস্তৃত ভৌগোলিক প্ৰসাৰ, গ্ৰাহক-কেন্দ্ৰিক বেংকিং অফাৰ, আৰু শক্তিশালী ক্ৰেডিট বুদ্ধিমত্তাৰ ক্ষমতাই গাড়ীৰ মালিকীস্বত্বলৈ দ্ৰুত আৰু অধিক সুবিধাজনক পৰিৱৰ্তন সক্ষম কৰিব।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here