দ্ৰুতগতিত বৃদ্ধি পাইছে ডিজিটেল প্ৰৱঞ্চনাৰ ঘটনা, এয়াৰটেলৰ দ্বাৰা ৯৮.৪ বিলিয়ন স্পেম কল চিনাক্ত | Airtel Spam Call - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, September 26, 2026

দ্ৰুতগতিত বৃদ্ধি পাইছে ডিজিটেল প্ৰৱঞ্চনাৰ ঘটনা, এয়াৰটেলৰ দ্বাৰা ৯৮.৪ বিলিয়ন স্পেম কল চিনাক্ত | Airtel Spam Call

কৃত্ৰিম বুদ্ধিমত্তাচালিত ‘ছেফ নেটৱৰ্ক’ ব্যৱস্থাই ৪.৪ বিলিয়ন স্পেম মেছেজ চিনাক্ত কৰাৰ লগতে ১.৬২ মিলিয়নৰো অধিক ক্ষতিকাৰক লিংক ব্লক কৰিছে



গুৱাহাটী : ভাৰতত ডিজিটেল অৰ্থনীতি ক্ষিপ্ৰগতিত সম্প্ৰসাৰিত হোৱাৰ সমান্তৰালকৈ চাইবাৰ প্ৰৱঞ্চনাও দ্ৰুতগতিত বৃদ্ধি পাইছে। পূৰ্বে যিবোৰ ঘটনা মূলত: স্পেম কল আৰু ভুৱা মেছেজৰ মাজতে সীমাবদ্ধ আছিল, এতিয়া ইয়াৰ পৰিসৰ বহল হৈছে। ভুৱা পৰিচয় দি প্ৰৱঞ্চনা, নকল বেংকিং অনুৰোধ, ক্ষতিকাৰক লিংক, বিনিয়োগৰ নামত প্ৰৱঞ্চনা, অ' টি পি-ৰ জৰিয়তে ধন আত্মসাৎ আদি বিভিন্ন ধৰণৰ চাইবাৰ প্ৰৱঞ্চনা বৃদ্ধি পাইছে।

চৰকাৰী আৰু উদ্যোগ খণ্ডৰ তথ্য অনুসৰি এনেধৰণৰ চাইবাৰ ভাবুকি এতিয়া ব্যাপক আৰু অধিক সংগঠিত হৈ পৰিছে। ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅ'ৰ্ডিনেশ্যন চেণ্টাৰ (I4C)-ৰ তথ্য অনুসৰি বিগত ছয়টা বছৰত চাইবাৰ প্ৰৱঞ্চনাৰ ফলত ভাৰতীয় লোকে ৫২,৯৭৬ কোটি টকাৰো অধিক ধন হেৰুৱাইছে। আনহাতে, এন চি আৰ বি-ৰ তথ্যতো দেশত চাইবাৰ অপৰাধৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে, আনহাতে সামগ্ৰিক অপৰাধৰ মাত্ৰা হ্ৰাস পাইছে।

ডিজিটেল সেৱাসমূহ দৈনন্দিন জীৱনৰ সৈতে ক্ৰমাৎ সংযুক্ত হৈ পৰাৰ লগে লগে বেংকিং, ধন পৰিশোধ, স্বাস্থ্য সেৱা, বাণিজ্য আৰু চৰকাৰী সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত টেলিকম নেটৱৰ্কসমূহে ডিজিটেল সুৰক্ষাৰ ক্ষেত্ৰতো অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ব্যৱহাৰকাৰীসকলেও এতিয়া নেটৱৰ্কৰ পৰা কেৱল সংযোগ লাভ কৰাই নহয়, ডিজিটেল যোগাযোগৰ সৈতে জড়িত সম্ভাব্য বিপদ আৰু প্ৰৱঞ্চনাৰ আশংকা চিনাক্ত কৰি সেইবোৰ হ্ৰাস কৰাত সহায় কৰাটোও আশা কৰিবলৈ লৈছে।

দুবছৰ পূৰ্বেই এয়াৰটেলে এই পৰিৱৰ্তনৰ আগজাননী লাভ কৰি গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত আগতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছিল। ২০২৪ চনত এয়াৰটেলে ভাৰতৰ টেলিকম সেৱা প্ৰদানকাৰীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে নেটৱৰ্কভিত্তিক কৃত্ৰিম বুদ্ধিমত্তাচালিত স্পেম চিনাক্তকৰণ ব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাই নেটৱৰ্ক আৰু কৃত্ৰিম বুদ্ধিমত্তাক একত্ৰিত কৰি গ্ৰাহকসকলক স্পেম কল আৰু এছ এম এছ-ৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে।

তেতিয়াৰ পৰা বিগত দুটা বছৰত এয়াৰটেলে নেটৱৰ্ক পৰ্যায়ত প্ৰৱঞ্চনা প্ৰতিৰোধৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে নিজৰ কৃত্ৰিম বুদ্ধিমত্তাচালিত 'ছেফ নেটৱৰ্ক' পদক্ষেপ অধিক সম্প্ৰসাৰিত কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে যে এনে এক স্বয়ংক্ৰিয় সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা, যাৰ জৰিয়তে গ্ৰাহকসকলে অতিৰিক্ত কোনো এপ ইনষ্টল কৰা বা নিজে কোনো ভাবুকিৰ বিষয়ে ৰিপ’ৰ্ট কৰাৰ প্ৰয়োজন নহ’ব।

এয়াৰটেলৰ 'ছেফ নেটৱৰ্ক' এতিয়া নেটৱৰ্কচালিত ডিজিটেল সুৰক্ষা পদক্ষেপৰ এটি বিশেষ ব্যৱস্থালৈ পৰিণত হৈছে। ইয়াৰ মুখ্য উপাদানসমূহৰ ভিতৰত আছে -
  • অ' টি পি-ৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ পৰা সুৰক্ষা : এয়াৰটেলে কৃত্ৰিম বুদ্ধিমত্তাচালিত এনে এক সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যি ব্যৱস্থাই সন্দেহজনক যোগাযোগৰ সময়ত কোনো ব্যৱহাৰকাৰীক অ' টি পি বা অন্যান্য সংবেদনশীল তথ্য শ্বেয়াৰ কৰিবলৈ প্ৰৰোচিত বা বাধ্য কৰোৱা হৈছে নেকি আদি ধৰণৰ বিষয়বোৰ চিনাক্ত কৰি প্ৰয়োজন অনুসৰি হস্তক্ষেপ কৰিব।
  • ক্ষতিকাৰক লিংক চিনাক্তকৰণ : অ' টি পিভিত্তিক প্ৰৱঞ্চনা চিনাক্তকৰণ ব্যৱস্থা মুকলি কৰাৰ পূৰ্বেই এয়াৰটেলে বাস্তৱ সময়ত প্ৰৱঞ্চনামূলক ৱেবছাইট আৰু সন্দেহজনক লিংক চিনাক্ত কৰিব পৰা এটি ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ পাছৰে পৰা এছ এম এছ, মেছেজিং এপ, ই-মেইল আৰু ব্ৰাউজাৰ ৰিডাইৰেক্টৰ জৰিয়তে শ্বেয়াৰ কৰা ১.৬২ মিলিয়নৰো অধিক ক্ষতিকাৰক লিংক ব্লক কৰা হৈছে। এই সুৰক্ষা ব্যৱস্থা এয়াৰটেলৰ সকলো মোবাইল আৰু ৱাই-ফাই ব্ৰ'ডবেণ্ড গ্ৰাহকৰ বাবে প্ৰযোজ্য।
  • স্পেম কল আৰু মেছেজ চিনাক্তকৰণ : ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এয়াৰটেলে নেটৱৰ্ক পৰ্যায়ত কৃত্ৰিম বুদ্ধিমত্তাচালিত স্পেম কল/মেছেজ চিনাক্তকৰণ ব্যৱস্থা মুকলি কৰে। কোম্পানীটোৰ তথ্য অনুযায়ী তেতিয়াৰ পৰা এই ব্যৱস্থাৰ জৰিয়তে ৯৮.৪ বিলিয়নতকৈও অধিক স্পেম কল আৰু ৪.৪ বিলিয়ন স্পেম মেছেজ চিনাক্ত কৰা হৈছে।
  • ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম প্ৰদৰ্শন : এয়াৰটেলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম প্ৰদৰ্শনৰ সুবিধাও প্ৰৱৰ্তন কৰিছে। ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে সত্যতা নিশ্চিত কৰা প্ৰতিষ্ঠানৰ কল আৰু সম্ভাব্য প্ৰৱঞ্চনামূলক বা ভুৱা নম্বৰৰ মাজত সহজে পাৰ্থক্য কৰিব পাৰিব। ইয়াৰ ফলত ভুৱা বেংকিং বা গ্ৰাহক সেৱা প্ৰতিনিধিৰ পৰিচয় লৈ কৰা প্ৰৱঞ্চনাৰ আশংকা হ্ৰাস হ'ব।
এয়াৰটেলৰ 'ছেফ নেটৱৰ্ক' পদক্ষেপে টেলিকম খণ্ডত হোৱা এটি বৃহৎ পৰিৱৰ্তনৰ প্ৰতিফলন ঘটাইছে। ইয়াৰ ফলত ক্ৰমাৎ নেটৱৰ্কসমূহৰ পৰা কেৱল সংযোগ প্ৰদান কৰাই নহয়, বৰং দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ থকা ভাৰতৰ ডিজিটেল ব্যৱস্থাটোক সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো অধিক সক্ৰিয় ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here