য়াৰটেল এ এপল টিভি আৰু এপল আর্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, September 22, 2026

য়াৰটেল এ এপল টিভি আৰু এপল আর্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে


গুৱাহাটী, ২২ ছেপ্টেম্বৰ, ২০২৬: ভাৰতৰ আগশাৰীৰ টেলিকম সেবা প্রদানকাৰী ভাৰতী এয়াৰটেল -এ ₹999 আৰু তাৰ ওপৰৰ ফেমিলি পোষ্টপেইড প্লেনত এতিয়া এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে গ্রাহকে এটা প্লেনৰ ভিতৰতে অধিক সুবিধা লাভ কৰিব পাৰিব।


এই নতুন অফাৰৰ জৰিয়তে এয়াৰটেলৰ গ্রাহকে মোবাইল সেবাৰ লগতে ক্লাউড স্ট'বেজ, মনোৰঞ্জন আৰু গেমিংৰ সুবিধাও লাভ কৰিব।


আইক্লাউড+ৰ জৰিয়তে গ্রাহকে নিজৰ ফটো, ফাইল, পাছৱর্ড, কনটেক্ট আৰু অন্যান্য গুৰুত্বপূর্ণ তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ আৰু এপল-ব বিভিন্ন ডিভাইচত ব্যৱহাৰ কৰিব পাৰিব। ডাটাৰ সুৰক্ষিত বেকআপৰ সুবিধাও থাকিব, যাৰ ফলত নতুন এপল ডিভাইচলৈ তথ্য স্থানান্তৰ কৰাটো সহজ হ'ব।


গ্রাহকে এপল টিভিৰ জৰিয়তে এপল-ব বিভিন্ন অৰিজিনেল ছিৰিজ আৰু চিনেমা উপভোগ কৰিব পাৰিব। আনহাতে, এপল আর্কেডৰ জৰিয়তে বিজ্ঞাপন আৰু অতিৰিক্ত ইন-এপ ক্রয় নোহোৱাকৈ বিভিন্ন গেম খেলাৰ সুবিধা লাভ কৰিব।


₹999 ফেমিলি পোস্টপেইড প্লেনত তিনিজনীয়া পৰিয়ালৰ বাবে সুবিধা আছে। ইয়াত ফাষ্টলেন প্রযুক্তিৰ সৈতে আনলিমিটেড ডাটা, স্পেম প্রটেকচন আৰু বিভিন্ন মনোবঞ্জনমূলক ছাবস্ক্রিপচনৰ সুবিধা অন্তর্ভুক্ত আছে। এতিয়া এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন হোৱাৰ ফলত পৰিয়ালৰ বাবে এই প্লেনত আৰু অধিক সুবিধা উপলব্ধ হ'ব।


গ্রহকে সহজে এয়াৰটেল এপৰ জৰিয়তে এই প্লেনলৈ আপগ্রেড কৰিব পাৰে অথবা ওচৰৰ এয়াৰটেল ষ্টোৰ লৈ গৈ এই সুবিধা গ্রহণ কৰিব পাবে।


ভাৰতী এয়াৰটেলৰ ডাইৰেক্টৰ মার্কেট অপছ, অমিত ত্রিপাঠী -এ কয়, "এয়াৰটেলত আমি সদায় গ্রাহকৰ জীৱন সহজ কৰি তোলা আৰু আমাৰ প্লেনৰ জৰিয়তে অধিক সুবিধা দিয়াৰ বাবে কাম কৰি আহিছোঁ। আমাৰ ফেমিলি পোস্টপেইড প্লেনসমূহত পৰিয়ালৰ সকলো সদস্যৰ বাবে কানেক্টিভিটি, মনোৰঞ্জন আৰু ডিজিটেল সেবা একেলগে আগবঢ়োবা হয়। এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজনৰ জৰিয়তে আমি এতিয়া গ্রাহকক এটা প্লেনৰ ভিতৰতে আৰু অধিক সুবিধা আগবঢ়াইছোঁ।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here