আমি আমাৰ সন্তানক কেৱল পঢ়িবলৈ শিকাইছোঁনে, নে বিপদ চিনিবলৈও শিকাইছোঁ? - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, September 26, 2026

আমি আমাৰ সন্তানক কেৱল পঢ়িবলৈ শিকাইছোঁনে, নে বিপদ চিনিবলৈও শিকাইছোঁ?


আমি আমাৰ সন্তানক কেৱল পঢ়িবলৈ শিকাইছোঁনে, নে বিপদ চিনিবলৈও শিকাইছোঁ?

আমি তেওঁলোকক কেৱল “ভাল ছোৱালী হোৱা” বুলি কৈছোঁনে? নে “কোনোবাই তোমাক ভয় দেখুৱালে, জোৰ কৰিলে, আঘাত কৰিলে—লাজ নকৰিবা, লগে লগে আমাক ক’বা” বুলিও কৈছোঁ? 

আমি আমাৰ ল’ৰাক কেৱল সফল হ’বলৈ কৈছোঁনে? নে “কোনো সম্পৰ্কতেই আন মানুহজন তোমাৰ সম্পত্তি নহয়” বুলিও শিকাইছোঁ? 

এই দুটা শিক্ষাৰ মাজত হয়তো আমাৰ সমাজখনৰ এটা ডাঙৰ উত্তৰ লুকাই আছে। কাৰণ সন্তানক সুৰক্ষিত কৰি ৰাখিবলৈ সদায় তেওঁৰ পিছত দৌৰি থাকিব নোৱাৰি। এদিন তেওঁ ঘৰৰ পৰা ওলাই যাবই।এদিন তেওঁ নিজে সিদ্ধান্ত ল’বই।এদিন তেওঁ কাৰোবাক ভাল পাবই। সেইদিনা মাক-দেউতাকৰ হাতত থাকিব নোৱাৰিব তেওঁৰ প্ৰতিটো খোজ। থাকিব কেৱল— সৰুৰে পৰা দিয়া শিক্ষা, আত্মসন্মান, বিবেক আৰু বিপদৰ সময়ত ‘সহায় বিচাৰিবলৈ লাজ নকৰিবা’ বুলি শিকোৱা সাহস। 

ৰাতি গভীৰ হ’লে মহানগৰীখন অলপ বেলেগ হৈ যায়। দিনত যিখন চহৰ মানুহৰ ভিৰত গিজগিজাই থাকে, ৰাতি সেই একেখন চহৰতে কেতিয়াবা কিছুমান ঘৰৰ ভিতৰত এনেকুৱা কাহানী ঘটি যায়, যাৰ শেষটো পঢ়িবলৈ কোনো পিতৃ-মাতৃয়ে কেতিয়াও সাজু নাথাকে। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী।এগৰাকী জীয়ৰী।এগৰাকী বন্ধু আৰু কাৰোবাৰ বাবে হয়তো প্ৰেমিকা। কিন্তু সকলোতকৈ আগত—তেও এগৰাকী মানুহ। 

দূৰাপাৰৰ নিজৰ ঘৰখনৰ পৰা ওলাই যোৱা সেই ছোৱালীজনী আৰু ঘূৰি নাহিল।
 খবৰ আহিল—এটা হোমষ্টে। 
খবৰ আহিল—এজন চিনাকি যুৱক। 
খবৰ আহিল—আৰক্ষীৰ তদন্ত। 
আৰু তাৰ মাজতে আহিল আটাইতকৈ কষ্টদায়ক কথাটো—মৃত্যু। 

প্ৰশ্নটো হ’ল— আমাৰ সমাজত এনেকুৱা ঘটনা বাৰে বাৰে কিয় ঘটিছে? আমি প্ৰতিবাৰেই এটা ঘটনা ঘটাৰ পিছত ছ’চিয়েল মিডিয়াত লিখোঁ— 
“ছোৱালীবোৰ সাৱধান হোৱা উচিত।” 
“ল’ৰাবোৰক বিশ্বাস কৰিব নোৱাৰি।” 
“প্ৰেমৰ বাবেই এইবোৰ হয়।” 
“মাক-দেউতাকে সন্তানক নজৰ দিব লাগে।”

 তাৰ পিছত দুদিন যায়।খবৰটো পুৰণি হয়।আকৌ আন এটা ঘটনা আহে। আৰু আমি আকৌ একে কথাই লিখোঁ। কিন্তু কেতিয়াবা ভাবিছোঁনে—সমস্যাটো আচলতে ক’ত? 
প্ৰেমত? 
স্বাধীনতাত? 
বন্ধুত্বত? 
নে মানুহৰ ভিতৰত জন্ম লোৱা সেই অধিকাৰত—“মই ভালপাওঁ, সেয়ে তোমাৰ ওপৰত মোৰ অধিকাৰ আছে”? 
আৰু এজন ল’ৰাক স্বাধীনতা দিয়া মানে তেওঁক সম্পৰ্কৰ নামত আন এজন মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ দিয়া নহয়। 
প্ৰেম যদি প্ৰেম হয়, তেন্তে তাত ভয় কিয় থাকিব? 
বন্ধুত্ব যদি বন্ধুত্ব হয়, তেন্তে তাত জোৰ-জবৰদস্তি কিয় থাকিব? 
আৰু সম্পৰ্ক যদি দুজন মানুহৰ মাজৰ হয়, তেন্তে এজন মানুহৰ ইচ্ছাই আনজনৰ জীৱন কিয় নিৰ্ধাৰণ কৰিব? 

আজিৰ প্ৰজন্মৰ হাতত আগৰ প্ৰজন্মতকৈ বহু বেছি স্বাধীনতা আছে। মোবাইল আছে।নিজৰ উপাৰ্জনৰ সুযোগ আছে।নিজৰ পছন্দৰ মানুহক লগ পোৱাৰ সুযোগ আছে।ঘৰৰ পৰা দূৰত পঢ়া-শুনা কৰাৰ সুযোগ আছে।নিজৰ জীৱন নিজে বাছি লোৱাৰ সাহস আছে। এই স্বাধীনতাবোৰ বেয়া নহয়।বৰং এইবোৰ এখন আগবঢ়া সমাজৰ লক্ষণ। 
কিন্তু স্বাধীনতাৰ লগত যদি সজাগতা নাথাকে, তেন্তে স্বাধীনতাই কেতিয়াবা বিপদৰ দুৱাৰখনো খুলি দিব পাৰে। আৰু এই কথাটো কেৱল ছোৱালীৰ বাবেই নহয়,ল’ৰাৰ বাবেও। 

প্ৰেমত পৰাৰ আগতে নিজকে এটা প্ৰশ্ন সোধা উচিত… “এই মানুহজনক মই সঁচাকৈ চিনি পাওঁনে? কেৱল কেইমাহমানৰ কথা-বতৰা, কেইখনমান ফটো, কেইটামান ৰাতিৰ ফোনকল, কেইটামান মিঠা কথা…এইবোৰেই জানো এজন মানুহক সম্পূৰ্ণকৈ চিনি পোৱাৰ প্ৰমাণ? 
নহয়…. 
মানুহক চিনি পোৱা যায় তেওঁৰ আচৰণত। 
তোমাৰ ‘নাই’ শব্দটো কোৱাৰ পিছত তেওঁ কেনেকৈ আচৰণ কৰে—তাত। 
তুমি তেওঁৰ কথা নামানিলে তেওঁ তোমাক সন্মান কৰে নে ভয় দেখুৱায়—তাত। 
তোমাৰ বন্ধুবৰ্গ, পৰিয়াল, পোছাক, ফোন, চলাফেৰা…সকলো নিয়ন্ত্ৰণ কৰিব বিচাৰে নে তোমাক তোমাৰ নিজৰ মানুহ হিচাপে সন্মান কৰে—তাত। 
এই সৰু সৰু কথাবোৰেই কেতিয়াবা ডাঙৰ বিপদৰ আগজাননী দিয়ে। 

নিমিষাৰ ঘটনাৰ সত্য তদন্তই পোহৰলৈ আনিব। কিন্তু নিমিষাৰ নামটোৱে অন্ততঃ আমাক এটা প্ৰশ্ন সুধি থৈ গ’ল— আমি আমাৰ সন্তানক কেৱল পঢ়িবলৈ শিকাইছোঁনে, নে বিপদ চিনিবলৈও শিকাইছোঁ?

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here