গুৱাহাটী : ভাৰতী এয়াৰটেলে গ্ৰাহকৰ বাবে নতুন পোষ্টপেইড প্লেন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ৮ অক্টোবৰ, ২০২৬ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নতুন প্লেনসমূহত বিভিন্ন সুবিধাৰ লগতে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিংৰ সুবিধাও আগবঢ়োৱা হৈছে।
এয়াৰটেলৰ নতুন পোষ্টপেইড প্লেন গ্ৰহণ কৰা গ্ৰাহকে বছৰত প্ৰতিটো চিমত এবাৰ ৫ দিনৰ বাবে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সুবিধা লাভ কৰিব। এই সুবিধাৰ অধীনত গ্ৰাহকে ৫ জিবি ডাটা, ৬০ মিনিটৰ কল, ২৫টা আউটগয়িং SMS আৰু বিনামূলীয়া ইনকামিং SMS লাভ কৰিব। বিদেশ ভ্ৰমণৰ সময়ত নিজৰ সুবিধামতে এই ৫ দিনীয়া ৰোমিং পেক সক্ৰিয় কৰিব পাৰিব গ্ৰাহকে।
ফেমিলি পোষ্টপেইড প্লেন ব্যৱহাৰ কৰা গ্ৰাহকৰ ক্ষেত্ৰতো এই সুবিধা প্ৰযোজ্য হ’ব। প্লেনৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী পৰিয়ালৰ সদস্যই নিজাকৈ বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সুবিধা লাভ কৰিব।
নতুন পোষ্টপেইড প্লেনসমূহত আন্তঃৰাষ্ট্ৰীয় ৰোমিংৰ উপৰি আনলিমিটেড ডাটা আৰু কলিং, ফাষ্ট লেন 5G প্ৰযুক্তি, লগতে স্পেম আৰু প্ৰৱঞ্চনামূলক লিংকৰ বিৰুদ্ধে নেটৱৰ্ক-স্তৰৰ সুৰক্ষাৰ সুবিধাও আগবঢ়োৱা হৈছে। ইয়াৰ লগতে বিভিন্ন প্লেন অনুসৰি Amazon Prime, JioHotstar, Xstream Play Premium, Google One, Apple iCloud+, Apple Music আৰু Netflixৰ দৰে বিভিন্ন ডিজিটেল আৰু মনোৰঞ্জনমূলক সুবিধাও লাভ কৰিব গ্ৰাহকে।
এয়াৰটেলৰ নতুন পোষ্টপেইড প্লেনসমূহৰ ভিতৰত ₹৪৯৯ৰ ব্যক্তিগত প্লেনত আনলিমিটেড ডাটা আৰু কলিং, স্পেম আৰু প্ৰৱঞ্চনা প্ৰতিৰোধৰ লগতে Xstream Play Premium আৰু Google Oneৰ সুবিধা থাকিব। এই প্লেনতো বছৰত প্ৰতিটো চিমত এবাৰ ৫ দিনৰ বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সুবিধা উপলব্ধ হ’ব।
₹৭৪৯ৰ প্লেনটো ২ জনীয়া পৰিয়ালৰ বাবে। এই প্লেনত আনলিমিটেড ডাটা আৰু কলিংৰ লগতে Amazon Prime, JioHotstar, Xstream Play Premium আৰু Google Oneৰ সুবিধা থাকিব। ₹১০৪৯ৰ প্লেনটো ৩ জনীয়া পৰিয়ালৰ বাবে আৰু ইয়াত Apple iCloud+, Apple Music, Amazon Prime, JioHotstar, Xstream Play Premium আৰু Google Oneৰ সুবিধা আগবঢ়োৱা হৈছে।
ইয়াৰ উপৰি ₹১২৪৯ৰ ৪ জনীয়া পৰিয়ালৰ প্লেনতো একেধৰণৰ সুবিধা থাকিব। ₹১৪৪৯ৰ প্লেনত Netflix Basicৰ সুবিধা সংযোজন কৰা হৈছে। আনহাতে, ₹১৭৯৯ৰ ৫ জনীয়া পৰিয়ালৰ প্লেনত Netflix Standardৰ লগতে Apple iCloud+, Apple Music, Amazon Prime, JioHotstar, Xstream Play Premium আৰু Google Oneৰ সুবিধা লাভ কৰিব পাৰিব গ্ৰাহকে। উল্লিখিত সকলো প্লেনতে বছৰত প্ৰতিটো চিমত এবাৰ বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সুবিধা থাকিব।
এয়াৰটেলৰ Market Operationsৰ Director অমিত ত্ৰিপাঠীয়ে কয় যে গ্ৰাহকসকলক উন্নত নেটৱৰ্ক অভিজ্ঞতাৰ লগতে অধিক মূল্য আৰু সুবিধা প্ৰদান কৰাই কোম্পানীটোৰ মূল লক্ষ্য। নতুন পোষ্টপেইড প্লেনৰ সৈতে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সংযোজনৰ ফলত বিদেশ ভ্ৰমণ কৰা গ্ৰাহকসকল অধিক উপকৃত হ’ব বুলি তেওঁ উল্লেখ কৰে।
৮ অক্টোবৰ, ২০২৬ৰ পৰা এই নতুন পোষ্টপেইড প্লেনসমূহ গ্ৰাহকৰ বাবে উপলব্ধ হ’ব। বৰ্তমানৰ Airtel পোষ্টপেইড বা প্ৰিপেইড গ্ৰাহকে Airtel Appৰ জৰিয়তে অথবা ওচৰৰ Airtel Storeলৈ গৈ নতুন প্লেনলৈ আপগ্ৰেড কৰিব পাৰিব। আন নেটৱৰ্কৰ গ্ৰাহকেও Airtel Appৰ জৰিয়তে বা Airtel Storeলৈ গৈ Airtel পোষ্টপেইডলৈ স্থানান্তৰ কৰিব পাৰিব।

No comments:
Post a Comment