ভাৰাত দিয়া হ'ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, May 15, 2024

ভাৰাত দিয়া হ'ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ

 


ভাৰালৈ দিয়া হ’ব কটন বিশ্ববিদ্যালয় চৌহদ ৷ যাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষানুষ্ঠানখনৰ ভূমি বহিৰাগত ব্যৱসায়ীৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে ৷

গুৱাহাটী : ৰাজহ সংগ্ৰহৰ বাবে ভাৰাত দিব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় চৌহদ ৷ ইয়াৰ বাবে গঠন কৰা হৈছে ছয়জনীয়া এখন কমিটী ৷ ৰাজ্যৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানখনৰ চৌহদ বাহিৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানে ভাৰাত ল'ব পাৰিব ৷

স্বাভাৱিকতে কটন বিশ্ববিদ্যালয়ৰ এনে হতচকিত কাণ্ডত স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ৷ চৰকাৰী অনুদান নোপোৱাৰ পৰিপ্ৰেক্ষিত চৌহদ ভাৰা দিবলৈ ওলাইছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ মূলতঃ অসম চৰকাৰৰ চৰম দায়িত্বহীনতাৰ বাবেই ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠানখনে এনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে ৷

গুৱাহাটীৰ মাজমজিয়াত থকা উচ্চ শিক্ষাৰ এই প্ৰতিষ্ঠানখনৰ নিজা ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰৰ হেঁচাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ভূমি বাহিৰা ব্যক্তি বা প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিব ওলাইছে ৷ বিশ্ববিদ্যালয়খনৰ এই হঠকাৰী সিদ্ধান্ত পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

উল্লেখ্য যে, ১৯০১ চনত স্থাপন কৰা কটন মহাবিদ্যালয়ক ২০১৭ চনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয় ৷ উন্নীতকৰণ কৰা হয় যদিও শিক্ষানুষ্ঠানখনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি, শিক্ষককে ধৰি বিভিন্ন সমস্যা আজিলৈকে সমাধান কৰা নহ'ল ৷ চৰকাৰখনৰ উদাসীনতাৰ বাবে আজি এনেদৰে বিশ্ববিদ্যালয়খনৰ ভূ-সম্পত্তি এনেদৰে ভাৰাত দিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে ৷

চৰকাৰ তথা সংশ্লিষ্ট উচ্চ শিক্ষা বিভাগে বিশ্ববিদ্যালয়খনৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ লক্ষণীয় বিষয় যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষক উচ্চ শিক্ষা বিভাগে বাৰে বাৰে নিজা ৰাজহ বৃদ্ধিৰ বাবেহে হেঁচা প্ৰয়োগ কৰি আহিছে ৷ এনে পৰিস্থিতিত এতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এনে হঠকাৰী সিদ্ধান্ত ৷

বিশ্ববিদ্যালয়খনৰ মাজমজিয়াৰ ভূমি বাহিৰা ব্যক্তি তথা প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিবলৈ কাৰ্যবাহী পৰিষদৰ অনুমোদন সাপেক্ষে ১৩ মে'ত এক কমিটী গঠন কৰা হৈছে ৷ এই কমিটীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰৰ ভূমি বাহিৰা পাৰ্টীক হস্তান্তৰ কৰিবলৈ সন্ধান কৰিব আৰু এই সন্দৰ্ভত এক মাষ্টাৰপ্লেন প্ৰস্তুত কৰিব ৷ এই কমিটীখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিশ্ববিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ হাজৰিকাক ৷

আনহাতে, ছয়জনীয়া এই কমিটীখনত সদস্য হিচাপে আছে ক্ৰমে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ৰাখী কলিতা মৰল, ছাত্ৰ কল্যাণ পৰিষদৰ ডীন মনজিত কুমাৰ ভট্টাচাৰ্য, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ডেইজী দাস, কাৰ্যবাহী অভিযন্তা ৰাজীৱলোচন শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ মুখ্য সহায়ক ৰামচন্দ্ৰ দাস ৷ এই কমিটীখনে চৌহদ আবণ্টনক লৈ প্ৰস্তুত কৰিব মাষ্টাৰপ্লেন ৷

লক্ষণীয় বিষয় যে, বিশ্ববিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি, পুঁজি বা নিজা ৰাজহৰ দিশসমূহক আওকাণ কৰি কেৱল বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰিয়েই দায়িত্ব সামৰা চৰকাৰৰ বাবেই এতিয়া এই শিক্ষানুষ্ঠানখনৰ ভূমি বহিৰাগত ব্যৱসায়ীৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে ৷ ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এই বিষয়টো এতিয়া অত্যন্ত চিন্তাৰ বিষয় হৈ পৰিছে ৷




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here