অসমত নাগৰিকত্বৰ বিষয়টো দীৰ্ঘদিন ধৰি এক জটিল আৰু স্পৰ্শকাতৰ সমস্যা হৈ আছে। ১৯৭১ৰ পিছৰ পৰা অবৈধ প্ৰব্ৰজনৰ প্ৰশ্নই ৰাজ্যৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক পৰিস্থিতিক জটিল কৰি তুলিছে। এই সমস্যাৰ সৈতে জড়িত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়, বিশেষকৈ মিঞা মুছলমান সম্প্ৰদায়ৰ ওপৰত অভিযোগমূলক বৈষম্য আৰু অবিচাৰৰ বিষয়টোৱে পৰিস্থিতিক আৰু জটিল কৰিছে। শেহতীয়া কিছু ঘটনাই এই সমস্যাৰ গুৰুত্ব আৰু জটিলতাক পুনৰ স্পষ্ট কৰি তুলিছে।
বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া, বিশেষকৈ বিদেশী নিৰ্ণয় ট্ৰাইব্যুনেলৰ কাৰ্যপ্ৰণালী, স্বচ্ছতা আৰু ন্যায়পৰায়ণতাৰ অভাৱৰ বাবে সমালোচিত হৈছে। নথিপত্ৰত নামৰ তাৰতম্য, বয়সৰ অমিল বা তুচ্ছ কাৰণৰ ভিত্তিত ব্যক্তিক ‘সন্দেহযুক্ত বিদেশী’ হিচাপে চিনাক্ত কৰাৰ ঘটনা ঘটিছে।
উল্লেখ্য যে, মৰিগাঁৱৰ এগৰাকী শিক্ষক খাইৰুল ইছলামক যোৱা ২৪ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তিনি দিনৰ পিছত, ২৭ মে’ত তেওঁক বাংলাদেশলৈ খেদি পঠিওৱা হৈছিল। অসমৰ সীমান্তৰক্ষী বাহিনী আৰু স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা তেওঁক সন্দেহজনক বাংলাদেশী নাগৰিক হিচাপে চিনাক্ত কৰা হৈছিল। সামাজিক মাধ্যমৰ তথ্য অনুসৰি, খাইৰুল ইছলামক বাংলাদেশৰ বৰাইবাৰী শিবিৰত ৰখা হৈছিল, য’ত তেওঁৰ জীৱনযাত্ৰাৰ পৰিস্থিতি অত্যন্ত দুৰ্দশাপূৰ্ণ আছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁক পুনৰ অসমলৈ ঘূৰাই অনা হয় আৰু শেহতীয়াকৈ তেওঁক নিজৰ ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয়। এই ঘটনাৰ পৰা উদ্ভৱ হৈছে বহু প্ৰশ্ন — তেওঁক প্ৰথমতে কিয় আৰু কেনেকৈ সন্দেহজনক হিচাপে চিনাক্ত কৰা হৈছিল? আৰু কিয় তেওঁক পুনৰ ঘূৰাই অনা হ’ল? আৰু এনে ঘটনাই প্ৰশাসনৰ স্বচ্ছতা আৰু জবাবদিহিতাৰ অভাৱৰ প্ৰশ্ন উত্থাপন কৰে।
প্ৰণিধান যোগ্য যে, এই প্ৰক্ৰিয়াই নিৰীহ ব্যক্তিৰ মৌলিক অধিকাৰ, যেনে স্বাধীনতা আৰু ন্যায়বিচাৰৰ অধিকাৰ, লংঘনৰ অভিযোগৰ সৃষ্টি কৰিছে। আন্তৰ্জাতিক নীতি-নিয়মৰ পৰিপন্থীভাৱে, সঠিক প্ৰমাণ অবিহনে ব্যক্তিক ভাৰত-বাংলাদেশ সীমান্তত এৰি দিয়াৰ ঘটনা ঘটিছে। এই প্ৰক্ৰিয়াৰ আইনী আৰু নৈতিক ভিত্তিৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে। ভাৰত চৰকাৰে এই ব্যক্তিসকলক বাংলাদেশৰ নাগৰিক বুলি প্ৰমাণ কৰিব পৰা নাই, আৰু বাংলাদেশ চৰকাৰেও তেওঁলোকক গ্ৰহণ কৰা নাই। এই অস্পষ্টতাই প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাক প্ৰশ্নৰ সন্মুখীন কৰিছে।
বিৰোধী দল আৰু অসম নাগৰিক সমাজৰ অভিযোগ অনুসৰি, মিঞা মুছলমান সম্প্ৰদায়ক বিশেষভাৱে লক্ষ্য কৰা হৈছে। অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰৰ বিবৃতিত উল্লেখ কৰা হৈছে যে শাসকীয় দলৰ ফেচীবাদী প্ৰৱণতাৰ জৰিয়তে এই সম্প্ৰদায়ক ‘বাংলাদেশী’ বুলি অভিহিত কৰি অত্যাচাৰ আৰু অপমান কৰা হৈছে। এই অভিযোগৰ প্ৰতি চৰকাৰৰ পৰা স্পষ্ট জবাবৰ অভাৱে জনমানসত অসন্তোষৰ সৃষ্টি কৰিছে। বিবৃতিত আৰু উল্লেখ কৰা হৈছে যে ধৰ্মীয় সংখ্যালঘুক ভাবুকি হিচাপে উপস্থাপন কৰি সংখ্যাগৰিষ্ঠৰ ভোট আদায়ৰ কৌশল হিচাপে এই নীতি ব্যৱহাৰ হৈছে।
তথা খাইৰুল ইছলামৰ ঘটনাই প্ৰক্ৰিয়াৰ ত্ৰুটিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ মৌলিক অধিকাৰ লংঘনৰ অভিযোগৰ বিষয়ে চৰকাৰৰ পৰা কোনো স্পষ্টীকৰণ পোৱা নাই। ক্ষতিগ্ৰস্ত ব্যক্তিৰ বাবে ক্ষতিপূৰণৰ কোনো নীতি বা ব্যৱস্থাৰ উল্লেখো পোৱা নাযায়, যিয়ে প্ৰশাসনৰ জবাবদিহিতাৰ অভাৱক প্ৰতিফলিত কৰিব।
নাগৰিকত্ব নিৰ্ণয়ৰ প্ৰক্ৰিয়াৰ পিছফালে শাসকীয় দলৰ ৰাজনৈতিক উদ্দেশ্য থকাৰ অভিযোগ উঠিছে। অসম নাগৰিক সমাজৰ মতে, এই নীতি অবৈধ প্ৰব্ৰজন নিয়ন্ত্ৰণৰ লগতে সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাৰ কৌশল হিচাপে ব্যৱহৃত হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষাৰ বাবে নেতাসকলৰ পৰা একত্ৰিত প্ৰতিবাদ, আইনী সহায় আৰু ৰাজনৈতিক সচেতনতাৰ প্ৰয়োজন। কিন্তু তেওঁলোকৰ নিষ্ক্ৰিয়তাই এই সংকটক গভীৰ কৰিছে।
কাজেই অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰৰ বিবৃতিত শাসকীয় দলৰ ফেচীবাদী প্ৰৱণতাৰ সমালোচনা কৰা হৈছে। তেওঁলোকৰ মতে, ধৰ্মীয় সংখ্যালঘুক, বিশেষকৈ মিঞা মুছলমানক, ‘বাংলাদেশী’ বুলি অভিহিত কৰি অত্যাচাৰ আৰু অপমান কৰা হৈছে। এই কৌশলৰ জৰিয়তে সংখ্যাগৰিষ্ঠৰ ভোট আদায়ৰ প্ৰয়াস চলিছে। বিবৃতিত অসমৰ ইতিহাসৰ প্ৰসংগ তুলি ধৰি কোৱা হৈছে যে অসম আন্দোলনৰ পিছতো বিদেশী প্ৰশ্নৰ সমাধান হোৱা নাই। শাসকীয় দলৰ নীতিয়ে সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাৰ প্ৰয়াস কৰিছে, যিটো অসমৰ শান্তি আৰু সৌহাৰ্দ্যৰ পৰিৱেশৰ বিৰুদ্ধে। তেওঁলোকে বিৰোধী দল আৰু নাগৰিক সমাজক এই কুৎসিত চক্ৰান্তৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে।
লক্ষ্যণীয় যে, মিঞা জনগোষ্ঠীয় নেতাসকলে এনে সংকটৰ সময়ত তেওঁলোকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।কিন্তু তেওঁলোকৰ নিষ্ক্ৰিয়তা আৰু নীৰৱতাই এই সমস্যাক আৰু গভীৰ কৰিছে। এই সংকটৰ সময়ত তেওঁলোকৰ প্ৰতি কিছু প্ৰশ্ন উত্থাপন কৰাটো জৰুৰী- সংকটৰ সময়ত একত্ৰিত প্ৰতিবাদৰ অভাৱ কিয়?তেওঁলোকৰ নীৰৱতাৰ পিছফালে কি কাৰণ কাম কৰিছে?ৰাজনৈতিক সচেতনতা গঢ়ি তোলাত কি ভূমিকা পালন কৰিছে? সম্প্ৰদায়ৰ লোকসকলক ৰাজনৈতিকভাৱে সচেতন আৰু সংগঠিত কৰি তেওঁলোকৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰাৰ ক্ষেত্ৰত নেতাসকলে কি নীতি গ্ৰহণ কৰিছে?অবিচাৰৰ বিৰুদ্ধে কণ্ঠ উত্থাপনৰ অভাৱ কিয়? ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা অবিচাৰৰ বিৰুদ্ধে স্পষ্টভাৱে কণ্ঠ উত্থাপন কৰাৰ পৰিৱৰ্তে নেতাসকলে নীৰৱ হৈ থকাৰ পৰম্পৰা কিয় অব্যাহত ৰাখিছে?
মানৱ অধিকাৰ সংগঠনৰ সৈতে সহযোগিতাৰ অভাৱ কিয়? আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনৰ সৈতে সহযোগিতা কৰি এই অবিচাৰৰ বিৰুদ্ধে আইনী আৰু সামাজিক প্ৰতিবাদ গঢ়ি তোলাৰ কোনো পদক্ষেপ কিয় দেখা নাযায়?সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষাৰ কৌশল কি? নেতাসকলে সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষাৰ বাবে কি দীৰ্ঘম্যাদী কৌশল গ্ৰহণ কৰিছে, যাতে এনে অবিচাৰ আৰু বৈষম্যৰ পুনৰাবৃত্তি ৰোধ কৰা যায়? পিছে লক্ষণীয় হ’ব অসম নাগৰিক সমাজৰ আহব্বানক মিঞা জনগোষ্ঠীয় নেতাসকলে কি দৰে গ্ৰহন কৰে!
আনহাতে অসমৰ বিজ্ঞমহলে চৰকাৰলৈ কিছু প্ৰশ্ন উত্থাপন কৰিছে- খাইৰুল ইছলামক সঠিক তদন্ত অবিহনে খেদি পঠোৱাৰ ফলত তেওঁৰ মৌলিক অধিকাৰ (যেনে, স্বাধীনতা আৰু ন্যায়বিচাৰৰ অধিকাৰ) লংঘনৰ অভিযোগৰ বিষয়ে চৰকাৰৰ স্পষ্টীকৰণ কি? এনে ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত ব্যক্তিৰ বাবে ক্ষতিপূৰণৰ কোনো নীতি বা ব্যৱস্থা আছে নেকি? অসমত নাগৰিকত্ব নিৰ্ণয়ৰ বাবে চৰকাৰৰ দীৰ্ঘম্যাদী পৰিকল্পনা কি? এই নীতিয়ে কেনেকৈ নিৰীহ নাগৰিকৰ হাৰাশাস্তি ৰোধ কৰিব? নাগৰিক পঞ্জী (NRC) আৰু বিদেশী নিৰ্ণয় ট্ৰাইব্যুনেলৰ প্ৰক্ৰিয়াৰ ত্ৰুটি দূৰ কৰিবলৈ চৰকাৰে কি সংস্কাৰৰ পৰিকল্পনা কৰিছে? চৰকাৰৰ সন্দেহজনক নাগৰিক চিনাক্তকৰণৰ নীতিৰ পিছফালে ৰাজনৈতিক উদ্দেশ্য কি? এই নীতি কেৱল অবৈধ প্ৰব্ৰজন নিয়ন্ত্ৰণৰ বাবে নে নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি ৰাজনৈতিক স্বাৰ্থ হাচিল কৰাৰ প্ৰয়াস?
ফোন নং - ৯৯৫৪৬২৬৭৯০
Thanks
ReplyDelete