গুৱাহাটী, ১৫ জুলাই ২০২৫: এইচ ডি এফ চি বেংকে বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে বেংকৰ চি এছ আৰ কাৰ্যসূচী ‘পৰিৱৰ্তন আৰম্ভ কৰাৰ পাছৰে পৰা সমগ্ৰ ভাৰতবৰ্ষত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ এক উল্লেখযোগ্য কৃতিত্বৰ ওপৰত আলোকপাত কৰে।বৰ্তমান বেংকটোৰ বিভিন্ন ৰাজ্যত দক্ষতা বিকাশৰ ক্ষেত্ৰত ৭০টাতকৈও অধিক সক্ৰিয় প্ৰকল্প আছে, যিয়ে আই টি/আই টি ই এছ, খুচুৰা, স্বাস্থ্যসেৱা, উৎপাদন আৰু কৃষিকে ধৰি কেইবাটাও খণ্ড সামৰি লৈছে।
দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীসমূহত ৰাষ্ট্ৰীয় কাঠামো (NSQF) -ৰ সৈতে সংলগ্ন প্ৰমাণপত্ৰ পাঠ্যক্ৰম অন্তর্ভুক্ত থাকে, যাৰ সময়সীমা তিনি মাহৰ পৰা ছয় মাহলৈকে হয়। এই পাঠ্যক্ৰমসমূহ অৰ্থনীতি আৰু ব্যৱসায় সেৱা, খুচুৰা আৰু বিক্ৰী, আতিথ্য আৰু পৰ্যটন, আৰোগ্য সেৱা, তথ্য প্ৰযুক্তি আৰু IT-সক্ষম সেৱা, নিৰ্মাণ আৰু উৎপাদন, সৌন্দৰ্য আৰু সু-স্বাস্থ্য, পৰিধান আৰু বস্ত্ৰ, আৰু শিক্ষা আৰু প্ৰশিক্ষণ আদি ক্ষেত্ৰসমূহক আৱৰি লয়। এই কাৰ্যসূচীসমূহে 60 ৰ পৰা 70 শতাংশলৈকে নিযুক্তি লাভৰ হাৰ লাভ কৰিছে।
বেংকৰ দক্ষতা কেন্দ্ৰসমূহে শেহতীয়াকৈ জয়পুৰত পৰিৱৰ্তন দক্ষতা একাডেমী সংযোজন কৰিছে, যিয়ে বহনক্ষম নিয়োগ আৰু উদ্যোগীকৰণৰ বাবে স্থানীয়ভাৱে প্ৰাসংগিক প্ৰশিক্ষণ পথ প্ৰদান কৰে। এই একাডেমী সমগ্ৰ ভাৰতবৰ্ষৰ এক বহল নেটৱৰ্কৰ অংশ যাৰ জৰিয়তে এইচ ডি এফ চি বেংকে অনাগত বছৰবোৰত মুঠ ২ লাখ যুৱক-যুৱতীক দক্ষতা প্ৰদান কৰাৰ লক্ষ্য লৈছে।
ইয়াৰ উপৰিও কৃষক, আত্মসহায়ক গোট আৰু সম্প্ৰদায়ভিত্তিক উদ্যোগকে ধৰি ছয় লাখৰো অধিক ব্যক্তিয়ে পৰিৱৰ্তনৰ জীৱিকা প্ৰসাৰ আৰু উদ্যোগীকৰণৰ পদক্ষেপৰ দ্বাৰা উপকৃত হৈছে যিয়ে বহনক্ষম অৰ্থনৈতিক অংশগ্ৰহণক প্ৰসাৰিত কৰে। এই পদক্ষেপসমূহৰ জৰিয়তে বিকশিত হোৱা দক্ষতাসমূহৰ ভিতৰত আছে ছাগলী পালন, মৌপালন, হস্ততাঁত বোৱা, মাশ্ৰুম খেতি, ভাৰ্মিকম্পোষ্ট আৰু জৈৱিক খেতি।
এইচ ডি এফ চি বেংক পৰিৱৰ্তনৰ দক্ষতামূলক পদক্ষেপৰ অধীনত অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, লক্ষদ্বীপ, মহাৰাষ্ট্ৰ, মিজোৰাম, ওড়িশা, পঞ্জাৱ, ৰাজস্থান, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগকে ধৰি একাধিক ৰাজ্যৰ চহৰ আৰু গ্ৰাম্য অঞ্চলত বিয়পি পৰিছে। দক্ষতা বিকাশৰ ক্ষেত্ৰত বেংকৰ প্ৰচেষ্টাই বিভিন্ন পটভূমিৰ যুৱক-যুৱতীসকলৰ সৰ্বাংগীন বৃদ্ধি আৰু অৰ্থনৈতিক সবলীকৰণক সমৰ্থন কৰে। বেংকৰ অন্তৰ্ভুক্ত পদ্ধতি ৪,৩০০ৰো অধিক বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰশিক্ষণ দিয়াত প্ৰতিফলিত হৈছে।
২০১৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে স্থাপন কৰা বিশ্ব যুৱ দক্ষতা দিৱসত যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন আৰু উদ্যোগীকৰণৰ দক্ষতাৰে সজ্জিত কৰি বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ গুৰুত্বক স্বীকৃতি দিয়া হৈছে
No comments:
Post a Comment