এয়াৰটেলৰ ডিজিটেল শাখা — এক্সটেলিফাই — ব্যৱসায়সমূহৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰিবলৈ অগ্ৰণী ডিজিটেল সক্ষমতা আৰম্ভ কৰিছে - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, August 5, 2025

এয়াৰটেলৰ ডিজিটেল শাখা — এক্সটেলিফাই — ব্যৱসায়সমূহৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰিবলৈ অগ্ৰণী ডিজিটেল সক্ষমতা আৰম্ভ কৰিছে



এয়াৰটেলৰ ডিজিটেল শাখা — এক্সটেলিফাই — ব্যৱসায়সমূহৰ ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰিবলৈ অগ্ৰণী ডিজিটেল সক্ষমতা আৰম্ভ কৰিছে

•টেলকো-গ্ৰেডৰ নিৰ্ভৰযোগ্যতাৰ সৈতে সম্পূৰ্ণ নতুন, ‘বিল্ট-ইন ইণ্ডিয়া’ সাৰ্বভৌম ক্লাউড মুকলি কৰা হৈছে। এই ক্লাউডে ভাৰতীয় ব্যৱসায়সমূহৰ বাবে খৰচত ৪০% পৰ্যন্ত অনুকূলতা নিশ্চিত কৰে।

•বিশ্বজুৰি টেলিকম সংস্থাসমূহৰ বাবে অত্যাধুনিক সক্ষমতাসম্পন্ন এআই-চালিত ছফ্টৱেৰ প্লেটফৰ্ম মুকলি কৰা হৈছে।

•ছিংটেল, গ্ল’ব টেলিকম আৰু এয়াৰটেল আফ্ৰিকাৰ সৈতে এই ছফ্টৱেৰ প্লেটফৰ্মৰ বাবে কৌশলগত অংশীদাৰিত্ব স্বাক্ষৰ কৰা হৈছে।

গুৱাহাটী, 05 আগষ্ট, 2025: এয়াৰটেলৰ সকলো ডিজিটেল সম্পদ আৰু সক্ষমতা একত্ৰিত কৰা ভাৰতী এয়াৰটেলৰ (‘এয়াৰটেল’) সম্পূৰ্ণ মালিকানাধীন সহযোগী সংস্থা এক্সটেলিফাইয়ে আজি এটা সাৰ্বভৌম, টেলকো-গ্ৰেড ক্লাউড প্লেটফৰ্ম – ‘এয়াৰটেল ক্লাউড’ মুকলি কৰিছে। ভাৰতত এয়াৰটেলৰ নিজৰ ব্যৱহাৰৰ বাবে প্ৰতি মিনিটত 140 কোটি লেনদেন হেণ্ডল কৰিবলৈ ডিজাইন কৰা এই সাৰ্বভৌম ক্লাউড প্লেটফৰ্মখন এতিয়া ভাৰতৰ ব্যৱসায়সমূহৰ নিত্য বিকাশশীল প্ৰয়োজন পূৰণৰ উদ্দেশ্যে সম্প্ৰসাৰিত কৰা হৈছে। নেক্স্ট-জেন, টেকসই ডাটা চেণ্টাৰত হ’ষ্ট কৰা, জেন-এআই-ভিত্তিক প্ৰভিজনিঙেৰে সজ্জিত আৰু 300 জন প্ৰমাণপত্ৰপ্ৰাপ্ত ক্লাউড বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত, এই অতি সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য এয়াৰটেল ক্লাউডে IaaS, PaaS আৰু উন্নত সংযোগ প্ৰদান কৰে, লগতে সুৰক্ষিত মাইগ্ৰেচন, অনায়াস স্কেলিং, কম খৰচ আৰু বিক্ৰেতা-লক-ইনৰ অবিহনে সেৱা প্ৰদানৰ নিশ্চয়তা দিয়ে।

Xtelify-এ AI-চালিত, ভৱিষ্যতৰ বাবে সাজু এটা ছফ্টৱেৰ প্লেটফৰ্মো মুকলি কৰিছে, যিয়ে সমগ্ৰ বিশ্বৰ টেলিকম সংস্থাসকলক অন্তৰ্নিহিত জটিলতাৰ পৰা মুক্ত কৰাত, গ্ৰাহক অভিজ্ঞতা উন্নত কৰাত, গ্ৰাহক বিচ্যুতি (চাৰ্ন) হ্ৰাস কৰাত আৰু গড় প্ৰতিগৰাকী গ্ৰাহকৰ আয় (ARPU) বৃদ্ধি কৰাত সহায় কৰিব। টেলিকম মূল্য শৃংখলৰ প্ৰতিটো পৰ্যায় সম্বোধন কৰি, এই সমাধানটোৱে বৃহৎ পৰিসৰত AI-ভিত্তিক অন্তৰ্দৃষ্টি আৰু বুদ্ধিমত্তাৰ বাবে এটা সংযুক্ত তথ্য ইঞ্জিন (কনভাৰ্জড ডাটা ইঞ্জিন), তৎক্ষণাত কাৰ্যসমূহ সৰল কৰাৰ বাবে এটা কৰ্মী মঞ্চ (ৱৰ্কফৰ্চ প্লেটফৰ্ম), আৰু টেলিকম সংস্থাসকলৰ বাবে গ্ৰাহক যাত্ৰাৰ প্ৰতিটো উপাদান পৰিচালনাৰ বাবে এটা অভিজ্ঞতা প্লেটফৰ্মৰ সৈতে আহে।

নতুনকৈ মুকলি কৰা প্লেটফৰ্মখনৰ বাবে Xtelify-এ তিনিটা আন্তঃৰাষ্ট্ৰীয় কৌশলগত অংশীদাৰিত্বত স্বাক্ষৰ কৰিছে।

1.Singtel-ৰ সৈতে – Xtelify-এ এখন উদ্যোগ-শ্ৰেণীৰ (এণ্টাৰপ্ৰাইজ-গ্ৰেড) ‘প্লাগ-এণ্ড-প্লে’ ৰূপান্তৰকাৰী প্লেটফৰ্ম – ‘Xtelify Work’ স্থাপন কৰিব, যিয়ে ছিংগাপুৰত Singtel-ৰ ক্ষেত্ৰীয় দলে বহৰ অনুকূলকৰণ, স্বয়ংক্ৰিয় কাৰ্য্য-ব্যৱস্থাপনা, আৰু তৎক্ষণাত অনুসৰণ আৰু শাসন ব্যৱস্থাৰ দৰে AI-চালিত সক্ষমতাৰ জৰিয়তে সজ্জিত হ’ব। এই ব্যৱস্থাই তেওঁলোকৰ উৎপাদনশীলতা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব।2. Globe Telecom-ৰ সৈতে – Xtelify-এ ফিলিপাইনছত নিজৰ অত্যাধুনিক, পৰৱৰ্তী প্ৰজন্মৰ, AI-চালিত গ্ৰাহক সেৱা প্লেটফৰ্ম – ‘Xtelify Serve’ স্থাপন কৰিব। এই প্লেটফৰ্মৰ জৰিয়তে Globe Telecom-এ অম্নিচেনেল সেৱা নিশ্চয়তা, ব্যৱসায়িক প্ৰক্ৰিয়া সৰলকৰণ, আৰু বুদ্ধিমত্তাসম্পন্ন তথ্য-ভিত্তিক কাৰ্যপদ্ধতিৰ মাধ্যমে বৃহৎ পৰিসৰত গ্ৰাহক অভিজ্ঞতা উন্নীত কৰিব।3. Airtel Africa-ৰ সৈতে – Xtelify-এ নিজৰ ছফ্টৱেৰ প্লেটফৰ্মসমূহ প্ৰদান কৰিব, য’ত ‘Data Engine’, ‘Work’, আৰু ‘IQ’ অন্তৰ্ভুক্ত। ‘Xtelify Data Engine’ আৰু ‘Xtelify Work’ ৰ ব্যৱহাৰে Airtel Africa-ৰ 150K-শক্তিসম্পন্ন ক্ষেত্ৰীয় দলটোক 14খন দেশজুৰি মাইক্ৰ’-লক্ষিত কৌশলৰ বাবে বজাৰৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব আৰু স্পেম আৰু ঠগবাজিৰ দৰে জটিল ব্যৱহাৰৰ ক্ষেত্ৰসমূহ মুকলি কৰিব। ‘Xtelify IQ’ এ সুৰক্ষিত, তৎক্ষণাত, অম্নিচেনেল গ্ৰাহক সংযোগ নিশ্চিত কৰিব, যিয়ে সেৱাৰ গুণগত মান আৰু গ্ৰাহক অভিজ্ঞতা দুয়োটাকে উন্নত কৰিব।

ভাৰতী এয়াৰটেলৰ ভাইচ চেয়াৰমেন আৰু ব্যবস্থাপনা পৰিচালক (MD) গোপাল ভিট্টলে কয়, “এয়াৰটেল ক্লাউড আৰু ছফ্টৱেৰ সমাধানৰ আমাৰ বিশ্বমানৰ, ঘৰতে উন্নীত প্লেটফৰ্মসমূহ ভাৰতৰ ব্যৱসায় আৰু বিশ্বজুৰি টেলিকম সংস্থাসমূহলৈ লৈ যোৱাৰ এই সময়ছোৱা আমাৰ ইতিহাসৰ এক অতি গুৰুত্বপূর্ণ মুহূৰ্ত। আমি ইতিমধ্যে Singtel, Globe Telecom আৰু Airtel Africa—এই তিনি খন শ্ৰেষ্ঠ স্থানধাৰী প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বত স্বাক্ষৰ কৰিবলৈ সক্ষম হোৱা এক বিশেষ সৌভাগ্য বুলি অনুভৱ কৰিছো।”

তেওঁয়েআৰু কয়, “এয়াৰটেলৰ ভিতৰত আমি বহু বছৰ ধৰি আমাৰ সেৱাসমূহ ৰূপান্তৰিত কৰিবলৈ আৰু গ্ৰাহক অভিজ্ঞতা অধিক উন্নত কৰিবলৈ অতুলনীয় পৰিসৰত ডিজিটেল উদ্ভাৱন সক্ৰিয়ভাৱে ব্যৱহাৰ কৰি আহিছো। এই প্ৰচেষ্টাৰ অংশ হিচাপে আমি 590 নিযুততকৈ অধিক গ্ৰাহক টাচপইণ্টক শক্তি প্ৰদান কৰিছো আৰু বিশ্বৰ কিছুমান আটাইতকৈ জটিল টেলিকম চেলেঞ্জ সমাধান কৰিছো। এই সকলোবোৰ সম্ভব হৈছে এয়াৰটেল ক্লাউডৰ জৰিয়তে, য’ত আমাৰ সকলো এপ্লিকেচন অতি কাৰ্যকৰী খৰচত চলি থাকে। আজিৰ এই দ্ৰুত বিকশিত হোৱা ডিজিটেল পৰিৱেশত, আমি আমাৰ টেলকো-গ্ৰেড, সাৰ্বভৌম ক্লাউড প্লেটফৰ্ম ব্যৱহাৰ কৰি ভাৰতৰ ব্যৱসায়সমূহক দ্ৰুত উদ্ভাৱন, বুদ্ধিমত্তাৰে স্কেল আৰু অধিক সুৰক্ষিত হৈ থাকিবলৈ সহায় কৰাৰ বাবে উৎফুল্লিত।”

ছিংটেল ছিংগাপুৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ (CEO) এন জি টিয়ান চঙে কয়: “আমি সদায় আমাৰ ক্ষেত্ৰীয় ইঞ্জিনিয়াৰসকলক অধিক কার্যকৰীভাৱে সজ্জিত কৰাৰ উপায় বিচাৰি থাকোঁ, যাতে আমি আমাৰ গ্ৰাহকসকলক সম্ভৱপৰ সৰ্বশ্ৰেষ্ঠ অভিজ্ঞতা প্ৰদান কৰিব পাৰোঁ। এই প্লেটফৰ্মটোৱে AI-কে কেন্দ্ৰস্থ কৰি আমাৰ কাম-কাজৰ ধাৰা (ৱৰ্কফ্লো) পুনৰ কল্পনা কৰিবলৈ আমাক সক্ষম কৰে, যিয়ে একেলগে দক্ষতা আৰু গ্ৰাহক সেৱা দুয়ো উন্নত কৰে। ডিছপেচ আৰু সম্পদ ব্যৱস্থাপনা অনুকূল কৰি, আমাৰ ইঞ্জিনিয়াৰসকলে গ্ৰাহকলৈ অধিক তৎক্ষণাত পৌঁছিব পাৰে, অধিক সঠিকতাৰে সমস্যাৰ সমাধান কৰিব পাৰে, আৰু সামগ্ৰিকভাৱে আমাৰ কাৰ্বন ফুটপ্ৰিন্ট হ্ৰাস কৰিব পাৰে। লগতে আমি উৎপাদনশীলতা বৃদ্ধি, শাসন প্ৰক্ৰিয়া শক্তিশালীকৰণ আৰু শেষত গ্ৰাহকসকলৰ বাবে অধিক মূল্য প্ৰদান কৰাটো নিশ্চিত কৰিব পাৰিছো।”

Globe Telecom-ৰ সভাপতি আৰু

মুখ্য কাৰ্যবাহী বিষয়া কাৰ্ল ক্ৰুজে কয়: “Globe-ত, আমাৰ ‘North Star’ সদায়েই এটা গভীৰ লক্ষ্য—ফিলিপিনো সকলৰ জীৱন উন্নীত কৰাৰ উদ্দেশ্যে অৰ্থপূৰ্ণ, নিৰ্ভৰযোগ্য আৰু মানৱ-কেন্দ্ৰিক অভিজ্ঞতা সৃষ্টি কৰা। Airtel আৰু Xtelify-ৰ সৈতে এই অংশীদাৰিত্ব আমাৰ সেই দিশত এক সাহসী পদক্ষেপ। এই সহযোগিতাই আমাক অধিক সহানুভূতি, বুদ্ধিমত্তা আৰু গতিৰে আমাৰ গ্ৰাহকসকলক সেৱা আগবঢ়াবলৈ সক্ষম কৰে। Xtelify-ৰ AI-চালিত ‘Case Management Platform’ আমাৰ কাৰ্যপদ্ধতিত সংহতি কৰি, আমি প্ৰথম স্পৰ্শবিন্দুৰ পৰা শেষ সমাধানলৈকে প্ৰতিটো গ্ৰাহক যাত্ৰাত উৎকৃষ্ট সেৱাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি বাস্তবায়ন কৰিছো। এই ৰূপান্তৰে আমাৰ গ্ৰাহকসকলৰ বাবে অধিক নিৰৱচ্ছিন্ন আৰু স্বচ্ছ অভিজ্ঞতা নিশ্চিত কৰে, য’ত যিকোনো সমস্যাক স্পষ্টতা, জবাবদিহিতা আৰু প্ৰকৃত যত্নৰ সৈতে সমাধান কৰা হয়।”

তেওঁয়েআৰু কয়: “আমি Airtel আৰু Xtelify—দুটা সমদৃষ্টিভঙ্গী অংশীদাৰৰ সৈতে সহযোগিতা কৰিবলৈ গৌৰৱান্বিত, যিসকল বিশ্বজুৰি গ্ৰাহক অভিজ্ঞতাৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত সমানে প্ৰতিশ্ৰুতিবদ্ধ। আমি কেৱল এটা প্লেটফৰ্ম মুকলি কৰি থকা নাই; আমি এক নতুন সেৱা-মানৰ মানদণ্ড স্থাপন কৰিছো, যিয়ে আমাৰ গোটেই যৌথ দৃষ্টিভঙ্গীক—এটা অধিক প্ৰশংসনীয় আৰু গ্ৰাহক-কেন্দ্ৰিক টেলিকম প্ৰতিষ্ঠান গঢ়ি তোলাৰ সপোন—বাস্তৱলৈ নিবলৈ সহায় কৰিব।”

এয়াৰটেল আফ্ৰিকাৰ গ্ৰুপৰ মুখ্য তথ্য বিষয়া জেক বাৰ্খুইজেনে কয়: “আমি Xtelify-ক মূল প্ৰযুক্তিগত অংশীদাৰ হিচাপে পাই উৎফুল্লিত, যিয়ে আমাক অৰ্থপূৰ্ণ ডিজিটেল উন্নয়ন সাধন কৰিবলৈ সক্ষম কৰিছে আৰু সমগ্ৰ আফ্ৰিকাত লাখ লাখ লোকৰ জীৱন অধিক সমৃদ্ধ কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here